মাহেকীয়া ৰাশিফল : ১ আগষ্টৰ পৰা ৩১ আগষ্ট ২০১৬ লৈ


মেষ : আধৰুৱা কামবোৰৰ পৰিসমাপ্তি ঘটিব। উচ্চশিক্ষিত ব্যক্তিৰ সান্নিধ্য লাভ। সন্তানৰ ক্ষেত্ৰত কিছু চিন্তাৰ যোগ যদিও গুৰুৰ কাৰকতাত চিন্তা কিঞ্চিত হ’লেও হাস পাব৷ যানবাহনৰ পৰা সদায় সতর্ক হৈ চলিব। পাৰিবাৰিক ক্ষেত্ৰত কিছু বেমেজালি ঘটিব পাৰে। পিতৃ-মাতৃৰ ৰোগগ্ৰস্ততাই কিছু মনোকষ্ট বৃদ্ধি কৰিব। নতুন ব্যৱসায়-বাণিজ্যৰ প্রতি মন মেলিব পাৰে যদিও অংশীদাৰী ব্যৱসায়ত বিভ্রাট ঘটিব পাৰে। বিবাহত বাধাৰ যোগ দেখা নাযায়।

বৃষ : অতি ঘনিষ্ঠ বন্ধুৰ লগত মতানৈক্যৰ যোগ। ৰাহুৱে বহুদিনীয়া বিশ্বাস ভঙ্গ কৰিব। শৰীৰৰ প্রতি যত্ন ল'ব। দৈহিক বিষানুভৱতাই মানসিক কষ্ট অধিক কৰিব। হ’বলগীয়া কামবোৰত বাধাগ্রস্ত হোৱাৰ যোগ। পত্নীস্থানত শনি বাধাৰ কাৰক। বন্ধু বা বন্ধুস্থানীয় ব্যক্তিৰ লগত সুসম্পর্ক লাভত ব্যতিক্রম ঘটিব পাৰে। অনাহক সন্দেহৰ বাবে পতি-পত্নীৰ মাজত খেলিমেলিৰ শংকা। প্রেম-প্রণয়তো কিছু বেমেজালিৰ যোগ। 

মিথুন : ঐশ্বৰিক শক্তিৰ প্রতি আস্থা ৰাখি চলিব। উদৰ কষ্ট নাইবা দৈহিক বিষানুভৱে মানসিক অশান্তি বৃদ্ধি কৰিব। অহেতুক সন্দেহৰ অৱকাশ দেখা যায়। যানবাহনৰ পৰা সতর্ক হৈ চলিলে বিপদৰ আশংকা কম। পিতৃ-মাতৃৰ স্বাস্থ্যৰ প্রতি সদায় সাৱধান হোৱা উচিত। কৰ্মৰ প্রতি উৎসাহউদ্দীপনা থাকিলে উন্নতিৰ যোগ। ছাত্র-ছাত্ৰীৰ বিদ্যাত সুফল লাভ।

কর্কট : ধনভাবত ব্যয়ৰ আধিক্যই সাময়িক অচলাৱস্থাৰ সৃষ্টি কৰিব পাৰে। সন্তান ক্ষেত্ৰত শনিয়ে অশান্তিৰ যোগ সূচায়। সামাজিক ক্ষেত্ৰত সাৱধান নহ’লে মিছা অপবাদৰ যোগ দেখা যায়। মাহটোত নানা অশান্তিয়ে হতাশাক্লিষ্ট কৰিব। কর্মস্থানত ওপৰৱালাৰ স’তে মতানৈক্যই প্রমোচনপদোন্নতিত বাধাৰ যোগ সূচায়। হঠাৎ স্থান পৰিৱর্তন হ’ব পাৰে। শাৰীৰিক ক্ষেত্ৰত সাৱধান নহ’লে পুৰণি ৰোগ উক দিয়াৰ সম্ভাৱনা অধিক। পত্নীৰ স্বাস্থ্যহানি কিম্বা পত্নীৰ স’তে হোৱা মতানৈক্যই মানসিক অশান্তি বৃদ্ধি কৰিব পাৰে।

সিংহ : মাহটোৰ অধিক সময় নানা খেলিমেলিৰে অতিবাহিত হ’ব। ৰাহুৰ কাৰকতাত উদৰ কষ্ট, আঘাত কষ্ট, দেহৰ বিষ ও বৃথা ভ্ৰমণৰ কাৰক দেখা যায়। বন্ধুৰ প্ৰৰোচনাত ক্ষতিৰ যোগ সূচায়। পিতৃ-মাতৃৰ স্বাস্থ্যৰ প্রতি সতর্ক হোৱা মঙ্গলপ্রদ। পতিপত্নীৰ মাজৰ সম্পর্ক বলবান। প্রাথমিক বিদ্যাত কিছু খেলিমেলি হ’লেও উচ্চ শিক্ষার্থৰ অনুকূল সময়। দ্বাদশস্থ ৰবিৰ ক্রিয়াত মূৰৰ বিষ, চকুৰ অসুখে সাময়িক কষ্ট প্রদান কৰিব পাৰে।

কন্যা : ভ্রাতৃৰ স্বাস্থ্যহানিয়ে মানসিক উদ্বিগ্নতা বঢ়াব। ঐশ্বৰিক শক্তিৰ প্রতি বিশ্বাস ৰাখিব, বিপদত নপৰে। সকলোৰে প্রতি সহনশীল হ'ব। কর্মকুশলতাই মনৰ উদ্যম বঢ়াব। সকলো কর্মতে ধৈর্য সহকাৰে আগবাঢ়িব, বিজয় সুনিশ্চিত। বিবাহ ক্ষেত্ৰত ৰাহুৰ প্রতিকূল অৱস্থা। হঠাৎ ৰোগাক্রান্তৰ শংকা। ৰাহু-গুৰুৰ একত্র অৱস্থানে ব্যয়ৰ মাত্রা অধিক কৰি সঞ্চয় বাধাগ্রস্ত কৰিব। প্রমোচনপদোন্নতিৰ বাবে কিছু অপেক্ষা কৰা মঙ্গল।

তুলা : শনি, ৰাহুৰ কাৰকতাত ৰোগ বৃদ্ধি, অর্থহানি আদি নানা অশান্তিৰ যোগ সূচিত কৰিছে। মানসিকভাৱে চিন্তাক্লিষ্ট হ'ব। স্বাস্থ্যভাবত কেতুৱে নানা অশান্তিত ভোগাব। কর্মত নানা সমস্যাই দেখা দিব। কর্মবিফলতাই মানসিক অশান্তিৰ সৃষ্টি কৰিব পাৰে। কর্মকুশলতাই পদোন্নতিৰ পথ সুগম কৰিব। বিদ্যাৰ্থীৰ শুভ। প্রেমত নতুন যোগাযোগ।

বৃশ্চিক : ৰাশিত শনি, বন্ধুভাবত কেতু, কর্মভাবত গুৰু চণ্ডাল যোগে বিভিন্ন বিষয়ত শান্তি বিনষ্ট কৰিব পাৰে। শনিৰ কাৰকতাত আকস্মিক দুর্ঘটনাৰ যোগ সূচায়। বন্ধুভাবত কেতু বন্ধু প্রতাৰিতৰ যোগ। প্রমোচন-পদোন্নতিত বাধা। শৰীৰ বৰ ভালে নাযাব। দূৰ ভ্ৰমণ এৰাই চলা মঙ্গলপ্রদ। বিদ্যাৰ্থীৰ মধ্যম। সৎ চিন্তা, সদ ব্যৱহাৰৰ প্রতি আগ্রহান্বিত।

ধনু : ভ্রাতৃৰ স’তে মতবিৰোধ৷ পার্শ্বৱতীৰ স’তে সম্পর্ক বিনষ্ট নকৰিব। স্বাস্থ্যৰ প্রতি সদায় সতর্ক থাকিব। ব্যৱসায় ক্ষেত্ৰত নিজকে প্রতিষ্ঠিত কৰিবলৈ সক্ষম হ'ব। কর্মসন্ধানীৰ হঠাৎ কর্মপ্রাপ্তিৰ যোগ। বিদ্যাৰ্থীৰ অনুকূল সময়। হঠাৎ উদৰ কষ্ট নাইবা আঘাত কষ্টই আমনি কৰিব। ব্যয়ৰ মাত্রাধিক্যই ঋণাত্মক যোগ সূচায়। পতিপত্নীৰ মাজৰ সুসম্পর্ক বিনষ্টৰ যোগ। বিবাহোপযুক্তৰো বিবাহত খেলিমেলি। প্রেমপ্রণয়ত বিঘ্নিত হোৱাৰ শংকা।

মকৰ : আর্থিক দিশ শুভ। কর্মকুশলতাৰ যোগে নিজকে জনসমাজত প্রতিষ্ঠিত কৰিব পাৰিব। পৰনিন্দা, পৰচৰ্চা কৰি নিজকে হেয় প্রতিপন্ন নকৰিব। কর্মপ্রাপ্তিৰ যোগ। স্নায়ৱিক দুর্বলতা, উদৰ ৰোগ নাইবা দৈহিক বিষানুভৱে মানসিকভাৱে হতাশাক্লিষ্ট কৰিব। যৌথ ব্যৱসায়ত নিজে সতর্ক নাথাকিলে লোকচান ভৰাৰ শংকা। কৰিব। পিতৃ-মাতৃৰ স্বাস্থ্যৰ প্রতি দৃষ্টি নাৰাখিলে স্বাস্থ্যহানিৰ যোগ। প্ৰেমত মধ্যম।

কুম্ভ : মানসিক উদ্বিগ্নতা বাঢ়িব। চর্মৰোগত আক্রান্ত হৈ ধনাপচয় বৃদ্ধি পাব। পার্শ্বৱতীৰ স’তে সুসম্পর্ক বজাই ৰাখিলে অপবাদ হাস হ’ব। বিবাহোপযুক্তৰ সিদ্ধান্ত লোৱাত খেলিমেলি হৈ বাধাগ্রস্ত হ’লেও অন্তে শুভ। পতি-পত্নীৰ সম্পর্কত উত্থানপতন ঘটিয়েই থাকিব। বিদ্যাৰ্থীৰ শিক্ষালাভৰ যোগ বলবান। কর্মপ্রার্থীৰ কর্মপ্রাপ্তি, পাৰিব। স্বাস্থ্যভাব মধ্যম। প্রেম-প্রণয়ত সংঘাত।

মীন : শত্রু বৃদ্ধি হ’লেও শক্ৰ পৰাভূতৰ যোগ। পেটৰ অসুখ, দেহৰ বিষ আদিত ভোগাৰ শংকা অধিক। কর্মত বাধাগ্রস্ততাই মানসিক চাপ বৃদ্ধি কৰিব। স্থাবৰ সম্পত্তি ক্রয়-বিক্ৰয়ৰ সুযোগ আহিব। কর্মপ্রার্থীৰ বাধাগ্রস্ততাই হতাশাত ভোগাব। কৰিব। দাম্পত্য জীৱনত কিছু খেলিমেলিৰ যোগ। বিবাহ, চাকৰি, বিদ্যা অর্জনত ধৈর্য সহকাৰে সিদ্ধান্ত ল’লে অগ্রসৰ হ’ব পাৰিব। প্ৰেমত শুভাশুভ, মিশ্রিত ফল লাভ I
Share on Google Plus

About Axomiya Rashifal

Published on daily, Weekly, monthly and yearly Horoscope only on Assamese Language.

0 comments:

Post a Comment