আজিৰ ৰাশিফল : শনিবাৰ, ১ অক্টোবৰ, ২০১৬

শনিবাৰ। ১ অক্টোবৰ।। ১৪ (দৃক ১৫) আহিন।। (ৰাষ্ট্ৰীয় ৯ আঃ)।। ১৫ জেলহজজ। গুৱাহাটীত ? সূউঘ্য ৫/১৫, সূত্মঘ ৫/২০ । চন্দ্রাস্ত পুঘ ৬/৩০, চন্দ্ৰোদয় সঘ ৬/৪৬ মিনিটত। মীন ৰাশি। শনি (১৮) লৈ। কৃষ্ণ প্রতিপদ ৰা ৯/৩৪ লৈ। পূর্বভাদ্র পুঘ ৬/৪৬ লৈ, পিচত উত্তৰ ভাদ্র ৰা। ৩/২৭ লৈ। গণ্ড যোগ। (অদৃক মতে) বিশ্বকর্ম পূজা। আহিন সংক্রান্তি। অভক্ষ ৪ কোমোৰা, ৰা ৯/৩৪ৰ পৰা তিতাভেকুৰি। (বিশুদ্ধ সিদ্ধান্ত পঞ্জিকা মতে)। (ব্যৱহাৰ্য উত্তম কাল ঃ সূর্যোদয়ৰ পৰা পু ৬/৪৫ লৈ।)


মেষ : আনুষংগিক কিছুমান যোগাযোগত আগ্রহী হ’লেও খুব সুখী হােৱাটাে কঠিন। শৰীৰো বৰ উন্নত নহয়। তথাপি সামগ্রিকভাৱে মান-মর্যাদা অটুট থাকিব। প্রতিযোগীৰ ভালেই। ঘৰুৱাত মধ্যম। পঢ়াত যত্ন ৰাখক।

বৃষ : আনৰ প্ৰতি সদয় হলেও শান্তি পোৱা টান। কোনো জৰুৰী কাৰণত নিজক সাজু ৰখাৰ দৰকাৰ অনুভৱ। সম্ভৱস্থলত দলীয় সদস্যই নতুন দলত যুক্ত হ’বও পাৰে। বিবাহৰ যো-জা। দাম্পত্যত পূর্ববৎ। 

মিথুন : গৃহৰ পৰিবেশ নিৰাশাজনক নহয়। আত্মবিশ্বাস। স্বমতাদর্শৰ প্ৰতি বেছি সজাগ। অভিভাৱকৰ পৰা নিৰ্ভৰশীলে উপকৃত হ’ব। বিজ্ঞানপ্রীতি। নতুন চিন্তা। পঢ়াত প্রগতি। বাহন ক্রয়, গৃহাদি নির্মাণৰ কিবা প্লেন থাকিলে অগ্রগতি।

কৰ্কট : সন্মুখত প্রত্যাহ্বান। কিবা তৰল জাতীয় বিষয় বা পদার্থৰ পৰা ক্ষতি। অর্থ ব্যৱহাৰ, হিচাপ ৰক্ষক, পৰিসংখ্যা আদি বিষয়ত বিচক্ষণতা। তথাপি সদায় নতুন ভৱিষ্যতৰ পৰিকল্পনাত সতর্ক থকাটো ভাল। বিদ্যাত শুভ।

সিংহ : ভৱিষ্যৎ বক্তাৰ দৰে কেতিয়াবা কথা ক’ব পাৰে। স্নেহ-মমতাত লগতে জনপ্রিয়তা বাঢ়িব। সমাজকর্মীৰ সন্মান। শৰীৰৰ প্ৰতি পিচে অৱজ্ঞা নকৰিব। মনৰ বল থাকিলেও দেহৰ শক্তিৰ সৈতে তুলনা কৰি চলক।

কন্যা : দিনটাে অস্থিৰ। কেতিয়াবা ভাল, কেতিয়াবা বেয়া। খৰচ। ধর্মীয় বিশ্বাস। মাজে মাজে দুই-একে অযথা সন্দেহাে কৰিব পাৰে। দাম্পত্যত বেয়া নহয়। অহংকাৰ নিয়ন্ত্ৰণ কৰক। চৰকাৰী কামত খ্যাতি।

তুলা : বাধাৰ মুখামুখী। কষ্টেৰে বা উগ্র পস্থাৰে এনে বাধা নিয়ন্ত্রণ নকৰাই যোগদান কৰিবও পাৰে। কথা-বতৰাতো ভালেই দেখা যায়। কিন্তু এশ এবুৰি জঞ্জাল থাকিব।

বৃশ্চিক : শৰীৰ মধ্যম। সদা হাস্যমুখেৰে কঠিন পৰিবেশো জয় কৰিবলৈ সক্ষম হ’ব। পিচে ইয়াৰ পশ্চাদত কঠোৰ সংগ্রাম জড়িত হৈও থাকিব পাৰে। বিদ্যাত বেয়া নহয়। পিচৰ কোনো দুর্যোগৰ পৰা ৰক্ষা পৰাৰ সম্ভাৱনা |

ধনু : কথা-বতৰা, কৰ্মৰ ধৰণ-কৰণত যিসকল ভক্তিমাৰ্গৰ সৈতে জড়িত যদি অন্তর্যামী যেন বোধ হ’ব পাৰে। অৱশ্যে সর্বসাধাৰণে বিভিন্ন কাৰণত চিন্তিত থাকিব। পিচত বদনাম কোৱা লোকৰ সৃষ্টি হ’লেও অৱশ্যে ক্ষতি কৰিব নোৱাৰিব। দাম্পত্যত বেয়া নহ’ব।

মকৰ : উচ্চ মানসিকতাৰ যোগ, কিন্তু বৃহস্পতি অস্ত হৈ ৰবি যুক্ত হােৱাত আপোনাৰ ভাব-ভাষা, ব্যৱসায়ত উচ্চস্তৰীয় প্রভাৱ ঠিক নাথাকিব। বিদ্যাত অৱশ্যে বেয়া নহয়। অযথা কাৰণত মনোৰঞ্জন কর্মত নুঘূৰাই ভাল। শিল্পীৰ শুভ। অনুসন্ধানীৰ প্রচেষ্টা।

কুম্ভ : কথা, বক্তৃতা আদিৰে শ্রোতাক আকৰ্ষিত কৰিব। একেদৰে নিজৰ কর্ম প্ৰসাৰৰ বাবে সুযোগো পাব। যিসকল আগ্রহী, গুণী ছাত্রছাত্রী। তেওঁলোকৰ অৰ্থৰ অভাৱত ক্ৰমবিকাশ বন্ধ নহয়। শৰীৰ ভাল হ’লেও নিম্নাংগত দুখ পাব পাৰে চাব।

মীন : ভাল চিন্তা। দলপতি বা নেতৃত্ব দিয়াসকলৰ প্ৰভাৱ বৃদ্ধি। ধর্মকর্মত নিষ্ঠা। পৌৰাণিক শাস্ত্ৰৰ অধ্যয়ন, পূজন আদিত মনোনিবেশ কৰি ভাল পাব। জ্ঞানহীনক জ্ঞান দিয়াৰ প্ৰতি আগ্রহী। বিবাহৰ মৃদু যোগ। ঘৰুৱাত মধ্যম।
Share on Google Plus

About Axomiya Rashifal

Published on daily, Weekly, monthly and yearly Horoscope only on Assamese Language.

0 comments:

Post a Comment