আজিৰ ৰাশিফল : দেওবাৰ৷৷ ২ অক্টোবৰ, ২০১৬

দেওবাৰ৷৷ ২ অক্টোবৰ৷৷ ১৫ (দৃক ১৬) আহিন ৷৷ (ৰাষ্ট্ৰীয় ১০ আঃ) ২৭ জেলহজজ। গুৱাহাটীত ঃ সৃউঘ ৫/২০, সূআঘ ৫/৭। (চন্দ্ৰোদয় নাই বা সূর্যোদয়ৰ সৈতে)। কন্যা ৰাশি। অমাৱস্যা (অহােৰাত্র)। উত্তৰ ফলুনী ৰা। ৯/২৭ লৈ। শুক্ৰ যোগ। অভক্ষ ৪ অমাৱস্যাৰ উপবাস নিশি পালন। মহালয়াৰ শ্ৰাদ্ধ-পার্বণ। (বিশুদ্ধ সিদ্ধান্ত পঞ্জীকামতে। (ব্যৱহাৰ্য উত্তম কাল ঃ পুঘ ৬/৪৯ৰ পৰা দি ৮/১৮ লৈ।)


মেষ : বিপৰীত লিংগ বা পক্ষৰ পৰা লাভৰ সুযোগ। কিন্তু মাত্ৰাধিক আৱেগ বা পৰাক্ৰম প্ৰদৰ্শনত বিপদ। সাৱধানে চলক। আনহাতে শৰীৰো বৰ উন্নত নহ’ব। কর্মত লাভৰ যোগ। কিন্তু পিতৃৰ শুভ নহয়।

বৃষ : শৰীৰ মধ্যম। বিয়া পতাৰ চেষ্টাত অযথা পলম। ব্যৱসায়তো বাধা। সন্তানৰ অৱশ্যে ভালেই। পত্নীৰ অসুখ। মামলামোকৰ্দমাত লিপ্ত নহ’ব। বিদ্যাত শুভ। বিৰােধীৰ মুখামুখি। নতুন কার্যত অগ্রগতি।

মিথুন : গৃহ পৰিবেশ খুব বেয়া নহয়। আঁকোৰগোজ ভাব। শত্রু দুর্বল। আর্থিকত চেষ্টা কৰিলে ভালেই। কিন্তু পশুধন আদিৰ পৰা লোকচানৰ সংকেত। দুর্যোগ সম্ভাৱনীয় স্থান ভ্ৰমণ, প্রৱেশ বন্ধ কৰাৰ যত্ন কৰক। বিদ্যাত সংগ্রাম হ’লেও শুভ।

কর্কট : বয়সস্থ বন্ধুৰ সংগ বা একেলগে আলচ কৰি ভাল পাব। মহিলাসকলে দাম্পত্যত চকু ৰাখক। পাৰিলে পতিৰ হুৰমূৰীয়া কাম বন্ধ কৰক। বিভিন্ন পর্যায়ৰ লোকৰ সংগত কাৰ্যকৰী চিন্তা।

সিংহ : মাতৃৰ দেহৰ প্ৰতি চকু ৰাখক। পূৰ্বৰে মাটিবাৰীৰ কিবা লেঠা আছে যদি বাঢ়িবও পাৰে। অপমানজনক পৰিবেশ। বিদ্যাত ভালেই। ভ্রাতাদিৰ সহায়। কিন্তু কর্ম, মন সক্রিয় থাকিব আৰু নিখুত অগ্রগতি কৰিব। দাম্পত্যত শুভ।

কন্যা : শৰীৰ বৰ ঠিক নাথাকিব। ব্যয় বৃদ্ধি হ’লেও উপাৰ্জনৰ সুযোগো লাভ কৰিব। দৃঢ়তা, সততা দুয়োটাই থকাত বিপদত পৰিব কম। অনুজৰ দৈহিক বা মানসিক বৰ অনুকূল নহয়। উপস্থিত বুদ্ধি। পেটৰ আমনি।

তুলা : দায়িত্ব তথা কর্মব্যস্ততা বৃদ্ধি। বিভিন্ন সংঘাত অতিক্ৰমৰ দৰকাৰাে হ’ব। ধর্মীয় নিষ্ঠা। খৰচৰ লেজু বৃদ্ধি পাব। পিচে খনিজ, লো-সীহজাতীয় সম্পদৰ ব্যৱসায়ত লাভ। শিল্পসংস্কৃতিত বিশেষ যোগ্যতা নিৰ্ভীক বিচৰণ।। পঢ়াত বাধা।

বৃশ্চিক : এলাহ বর্জন নকৰিলে বিপদ।। আঠ, তলপেট, বাত বেমাৰৰ বিষ-বেদনাৰো যোগ। কিন্তু বহু বিপদৰ সময়তো ৰবি ৰাহুৰ অকৃত্রিম সহায়ে আপোনাক ৰক্ষা কৰিব। মাত্র কথা-বতৰাত সংযমী হওক । 

ধনু : শৰীৰ মধ্যম। নিৰাশবাদেও চুব পাৰে। কিন্তু বৃহস্পতি-চন্দ্ৰ থকাত আপোনাৰ অনিশ্চিত বিষয়ো নিশ্চিত ৰূপত যেন দেখা যাব। দাম্পত্যত মাজে মাজে৷ মতান্তৰ হ’বও পাৰে। বিদ্যাত মধ্যম।

মকৰ : বহু পুৰণি সংযোগত সুখী। আনকি স্মৃতি-বিভ্ৰমৰ দোষত ভূগিলে ধীৰে ধীৰে সকাহ পাব। সন্তানৰ শুভ। দূৰ ভ্ৰমণ বা পৰিবৰ্তনৰ চিন্তাত আগবাঢ়িব। দাম্পত্যত বেয়া নহয়।

কুম্ভ : হঠাৎ সুসংবাদ বা কর্মোিন্নতিৰ সংযোগ সম্ভৱ। অৱশ্যে জীৱনত শনি শুভ থকাটো প্রয়োজন। নহ’লে বিপৰীত ফলো কল্পনীয়। বিদ্যাৰ্থীৰ ভালেই। সহযোগীৰ কৃত্রিম সহায় । ব্যস্ততা। সন্তানৰ বেয়া নহয়।

মীন : ঘৰুৱা পৰিবেশত চকু দিয়ক। উদাসীনতা বা গভীৰ চিন্তাত পৰিব পাৰে। ভূবিজ্ঞান, খনিজ আদি বিষয়ত দক্ষতা। দাম্পত্যত আশাবাদী। শিল্পচর্চা। নতুন জীৱন আৰম্ভাদিৰ কল্পনা।
Share on Google Plus

About Axomiya Rashifal

Published on daily, Weekly, monthly and yearly Horoscope only on Assamese Language.

1 comments: