সাপ্তাহিক ৰাশিফল : ১৯ আগষ্টৰ পৰা ২৫ আগষ্ট, ২০১৬ লৈ


মেঘ : শৰীৰ মধ্যম। কর্মত কিছু মন্থৰতা। কোনো কাৰণে কিছু অপ্রিয় কথাৰ মাজতো সোমাই পৰিব।নিজৰ কিছুমান বিষয় প্রকাশিত কৰি ভাল পাব। বিদ্যাত অৱশ্যে ভালেই দেখা যায়। সন্মুখত কিছুমান ভাবুকি বা প্রত্যাহ্বান চম্ভালিব লগা হ’ব। এইক্ষেত্ৰত মনোবলৰ বিশেষ প্রয়োজন। দুইএকৰ সমালোচনা শুনিব। ৰাহু-কেতুৰ প্রচ্ছায়াত অন্তর্ভুক্ত হোৱাই এনে কিছুমান আহুকাল উপস্থিত হ’ব পাৰে। তথাপি দৃঢ়তাৰ অভাৱ নহ’ব। আর্থিকতো বেয়া নহয়। মাতৃৰ মধ্যম।

বৃষ : নতুন যোগাযোগ। নিজৰ ধৈৰ্য,সাহস আৰু উপস্থিত বুদ্ধিৰ জৰিয়তে প্রাপ্য মান-মর্যাদা লাভ কৰিব। একেদৰে হাতত লোৱা কামো সম্পাদনা কৰাৰ চেষ্টাত আগুৱাব। কিন্তু পূৰ্বৰ নিজৰ ভুল চিন্তাৰ কাৰণে অর্থনৈতিক বৈষয়িক দিশত কষ্ট পোৱাৰ সম্ভাৱনা। নিজৰ বুদ্ধিবৃত্তিক বাস্তৱ দিশেৰে আগুৱাব পাৰিলে বহু জঞ্জাল মুক্ত হ’ব। মাটি-বাৰীৰ সমস্যাও তাৰে এটা। সন্তানৰ ভৱিষ্যৎ লৈ থকা উৎকণ্ঠাৰ কিবা সঁহাৰি লাভ। পঢ়াত বেয়া নহয়।

মিথুন : আনৰ অজ্ঞতা দীনতাৰ প্রতি পৰাখিনি সহানুভূতি প্রদর্শন কৰিব। সেই হিচাপে সহায়ো কৰাৰ চেষ্টা অব্যাহত ৰাখিব। মন উদাৰ হ’লেও আপোনাৰ এনে কার্যত উপকৃতই কিমান আন্তৰিকতাৰে লয় চিন্তনীয় হ’ব। যিকোনো গোলমাল বা আনৰ প্ৰৰোচনাত প্রৰোচিত নহ’বলৈ চাব। পঢ়া-শুনাত বেয়া নহয়। সঞ্চয়ৰ ক্ষেত্ৰতবৰ অনুকূল নহ’লেও বিভিন্নউন্নত দিশৰ সৈতে যোগাযোগস্থগিত হ’ব। সম্ভৱস্থলত কোনো সংস্থা,সংগঠনৰ সৈতে যোগাযোগস্থাপন কৰিব। সন্তানৰ মধ্যম। ঘৰুৱাত সন্দেহ বর্জনীয়।

কর্কট : বলিষ্ঠ মানসিকতাৰে আৰু তৰিৎ ভাৱনাৰে প্রায় জটিল কামত হাত দিব পাৰে। এই বিষয়ত নিজৰ সম্বল বা শক্তি কিমান সেই বিষয়ে প্রথমে অৱগত হোৱাই উচিত। যিয়েই হওক,আপোনাৰ সৃজনীমূলক তথা ব্যক্তিত্ব প্রৱণতাৰ প্রকাশ এই সাদিনত উল্লেখনীয় হ’ব, যিদৰে একেদৰে একাধিক দিশৰো ভাবুকি চম্ভালিব লাগিব। মাতৃৰ শৰীৰ খুব বেয়া নহ’ব। জীৱিকাৰো শুভ। কোনোৱে অর্থ ভাগ্যৰ সুখী হোৱাৰ সম্ভাৱনা যদিও কিবা শংকাইও এৰা নিদিব।

সিংহ : জীৱিকাৰ উন্নতি। পূর্বৰ তুলনাত আশাবাদী মন। গৃহ সমস্যা থাকিলেও অর্থাদিৰ ডাঙৰ সমস্যা নহ’ব। কৃপণালী কৰিবলৈ মন কৰিও তাক ৰক্ষা কৰাটো টান হ’ব। সম্ভৱস্থলত আত্মীয়ৰ সৈতে কোনোৰ বিৰোধিতাৰ সংকেত দেখা যায়। আনহাতে মান-সন্মান তথা ধর্মীয় কর্মত সুখ অনুভৱ কৰিব। সম্পত্তি বৃদ্ধিৰ সংযোগ যদিও শনিযুক্ত মংগল বাবে বিশেষ সফল নহ’বও পাৰে। পঢ়াত ভালেই।

কন্যা : পিতৃ-পুত্ৰৰ সুৰ্যশৰ কাৰণে আনন্দিত। পিতৃৰ সৈতে সুসম্পর্ক স্থাপন। আনহাতে ভ্রাতাদিৰ শৰীৰ বৰ উন্নত নাযাবও পাৰে। কোনো জটিল কামলৈ ভয় নকৰিব। উদাৰতাও দেখা যাব। আর্থিকত মঙলৰ সহায় উল্লেখযোগ্য। চৰকাৰীভাবে প্রয়োজন সাপেক্ষে তথা নিজৰ যোগ্যতা অনুসাৰে উন্নত সহায়ৰ যোগ। পিচে মঙল অষ্টপতি হোৱা হেতু প্রায় দিশত সাৱধানে আগবঢ়াই উচিত হ'ব। খং-ৰাগ বর্জনীয়।

তুলা : শুক্রৰ সহযোগত নিজৰ জীৱিকা আৰু ভৱিষ্যৎ কৰ্মৰ উন্নতিৰ চেষ্টা কৰিলে জলপানী পাই উপকৃত হব। মাজে মাজে অলসতায়ো আমনি কৰিব। মাতৃৰ বেয়া দেখা নাযায়। কিছুনিৰ্ভীক তথা সংসাৰৰ প্রতি উদ্বিগ্ন থাকিব। মাতৃৰ শৰীৰ সম্পর্কেও সচেতন থকাটাে ভাল। ৰাজকাৰ্যত বেয়া নহ’ব। স্বর্ণ ব্যৱসায়ী,সুগন্ধীদ্রব্য প্রস্তুত কর্তাৰ বিশেষ লাভজনক। শিল্পীসাহিত্যিকৰ নতুন প্রেৰণা।

বৃশ্চিক : নৈসর্গিক ভাবে উন্নত। কিন্তু নানা ঘটন দেহকষ্টৰ কাৰক হোৱাত মন দূষিত হৈছে। যিহেতু স্বগৃহযুক্ত গতিকে তাৰ সমস্ত পূর্ব দোষত দূষিত নহয়। বৰং অত্যন্ত সাহসিকতা থাকিব। কিবা নতুনত্বৰ সপোন তথা পুৰণি পৰিবেশ সলনিৰ চেষ্টা থাকিব। অৱশ্যে যোগ্য সহযোগীৰ সহায়ত বহুদিশত বলিষ্ঠ পদক্ষেপ দিব পাৰে। কিয়নে বৃহস্পতি ৰবি শুক্রই আপোনাৰ প্ৰতিটো ক্ষেত্ৰতে সহায় কৰিব। পিচে জটিলতা যিমান পাৰি কমাওক।

ধনু : শৰীৰ মধ্যম। কোনো দুষ্টচক্রই কিবা ষড়যন্ত্র কৰা যেন পালে সাৱধানে থকাই ভাল। অৱশ্যে ৰাজনীতি সমাজনীতিত সহযোগ লাভ কৰিব। সম্ভৱস্থলত যত্ন কৰিলে নিজৰ জীৱিকাৰ মানদণ্ডও সলনি হ’ব পাৰে। ঘৰুৱাত অৱশ্যে বৰ উন্নত বুলিব নোৱাৰি। কিবা চুক্তিপত্রাদি কৰে যদি আশাপূর্ণ পদক্ষেপ দিয়াৰ সম্ভাৱনা। পূৰ্বৰ অসুখ-বিসুখৰ পৰা কিছুসকাহ। বিদ্যাত অনুকূল। মাতৃৰ মধ্যম।

মকৰ : চৰকাৰী চাকৰিজীৱীসকলৰ ভাগ্য কিছু উন্নত নহ’লেও যোগ্যতা অনুসৰি উন্নত কর্মজীৱন লাভৰ যোগ। গভীৰ অনুভূতিসূচক তথা দার্শনিক জ্ঞানেৰেও সমৃদ্ধ দেখা যায়। ধন-সম্পত্তি পালেও সি যেন অস্থিৰ বাস্থায়ী নহ’ব। তীর্থগমনবা তীর্থাদিৰ প্রতি আকৰ্ষিত হোৱাৰ যোগ। সৎবন্ধু লাভ। তথা সৎকর্মৰ অনুৰাগ বৃদ্ধি।শৰীৰ খুব উন্নত নাথাকিলেও সন্তানৰ ভাগ্যত ভাগ্যৱতী হ’ব। নতুন কর্মত দূৰস্থানৰ পৰা সহায় পাব। মাতৃৰ মধ্যম।

কুম্ভ : বিদ্যাত অনুকুল। আর্থিক উন্নতিৰ ক্ষেত্ৰত কিছু আকস্মিকতা থাকিবও পাৰে। আনৰ টকা-পইচাৰ দায়িত্ব লোৱা বা কোনো অনুষ্ঠানৰ কোষাধ্যক্ষ হোৱাৰ পৰা আতৰি থকাই ভাল, নহ’লে বিপদৰ আশংকা। দাম্পত্যত ভালেই। মাতৃৰ মধ্যম। বন্ধুবৰ্গৰ সহায়-সহযোগপ্রায় সীমিত বুলিয়েই ধৰিব পাৰি। কাৰণ সপ্তমত চাৰি গ্রহেই বিপৰীত চৰিত্ৰৰ। বিদ্যাত ভালেই।

মীন : যোগ। কথা-বতৰাতো অনুকূল। অর্থাৎ শ্রোতাই ভাল পাব। শৰীৰো দেখাত ভালেই দেখা যায়।কিন্তু ফুৰা-চকাত সম্পূর্ণসাৱধানে চলক— বিশেষকৈ বয়সস্থসকলে। সন্তানৰ বেয়া নহ’ব। কিবা অসুখত ভুগি আছিল যদি তাৰ উন্নতিৰ আশা। বিয়া-বাৰু পাতিব খুজিলে সংগী নির্বাচন উত্তম হ’ব। কর্ম-কাজত তেজস্বিতা বিদ্যমান থাকিব। ব্যৱসায়ত অগ্রগতি। তথাপি উচ্চমানৰ শত্ৰুৰ কাৰণে সাৱধানে থকাই ভাল।
Share on Google Plus

About Axomiya Rashifal

Published on daily, Weekly, monthly and yearly Horoscope only on Assamese Language.

0 comments:

Post a Comment