আজিৰ ৰশিফল ::শুকুৰবাৰ, ১৬ ছেপ্টেম্বৰ, ২০১৬


শুকুৰবাৰ। ১৬ ছেপ্টেম্বৰ।। ৩০ (দূর্বক ৩১) ভাদ। (ৰাষ্ট্রীয় ২৫ ভাদ্র) ১৪ জেলহজ। গুৱাহাটীত ৪ সূউঘ্য ৫/১৪, সূআঘ ৫/২৩। চন্দ্রাস্ত নাই। উদয় আঘ ৫/১৭ মিনিটত। কুম্ভ ৰাশি, ৰা ১২/১১ৰ পৰা মীন ৰাশি। পূর্ণিমা ৰা। ১২/৩৫ লৈ। শতভিষা দি ৭/৩৮ লৈ। শূল যোগ। অভক্ষ ঃ পূর্ণিমাৰ উপবাস নিশিপালন।। ৰা। ১২/৩৫ৰ পৰা কোমোৰা। (বিশুদ্ধ সিদ্ধান্ত পঞ্জিকামতে) (ব্যৱহাৰ্য উত্তম কাল ঃ দি ৬৩/৪৬ৰ পৰা দি ৮/১৭ লৈ)। (দৃকমতে বিশ্বকর্ম পূজা, অদৃক মতে কাইলৈ)


মেষ : বিশ্বস্ত বন্ধু বেছি হ'লেও স্থায়ী কম। সামাজিক কর্মবা সেৱাৰ কাৰ্যত অগ্রগতি। কিন্তু সন্তানৰ ক্ষেত্ৰত চকু ৰখাটাে ভাল। ঘৰুৱাতো সামান্য টেনছন। বিদ্যাত শুভ। ৰাজনীতিত বেয়া নহ'ব। স্বমতত অটল। 

বৃষ : বিভিন্ন যোগাযোগ। কিন্তু কোনো কাৰণত মানসিক কষ্ট। ব্যৱসায় বা স্ববৃত্তিৰ কিবা সাল-সলনিৰ চিন্তা। কথা প্রসংগাদিত জনপ্রিয়তা, বুদ্ধিত বিচক্ষণতা। দাম্পত্যত কিছু হ’লেও নিষ্কণ্টক নহয়। কর্মত ব্যস্ততা। 

মিথুন : অলপ অস্বস্তি বা পৰিবর্তনীয় চিন্তা। সামাজিক কর্ম বা শিশু সম্পৰ্কীয় কোনো সংযোগত আনন্দিত। পত্নী বা পতিৰ বেয়া নহ’ব। সংগীত-নাটকৰ প্রতি আকর্ষণ। বিদ্যাত ভালেই। মাতৃৰ শুভ। মাটি সম্পৰ্কীয় চিন্তা। 

কৰ্কট : শৰীৰ ভালেই যদিও মানসিক ব্যস্ততা। ঘৰুৱাত পূৰ্বৰ তুলনাত আশাবাদী। প্রয়োজন সাপেক্ষে অস্থায়ী গৃহ অথবা কৰ্মৰ ধৰণ পৰিবর্তন। মর্যাদা বৃদ্ধি। হাতত লোৱা কাম যোগ্যতাৰে সমাপনৰ চেষ্টা। বিদ্যাত মধ্যম। 

সিংহ : ঘৰুৱা পৰিবেশৰ যেন কিছু সলনি বা কিবা আনন্দৰ সংকেত। ভাই-বন্ধুৰ সংযোগ। জনপ্রিয়তা। দেহৰ যত্ন ৰাখক। বিশেষকৈ খোৱা-বোৱাৰ লগতে মানসিক দিশকে নিয়ন্ত্ৰণ কৰক। 

কন্যা : মন আৰু পৰিবেশ বৰ উন্নত নহয়। শৰীৰে যাতে হঠাৎ আমনি নকৰে সষ্টম থাকক। কথাত ভুল ভাব নল'ব। কর্মত কোনোৰ পৰিবর্তন। পোহনীয়া জীৱ-জন্তুৰ প্ৰতি চকু নাৰাখিলে লোকচানৰ যোগ। দাম্পত্যত শুভ। 

তুলা : খৰচ বেছি। হাতলৈ অহা ধন ৰখাটাে টান হ’ব। অৱশ্যে প্রতিশ্রুতি সময়ত পালন কৰাত কৃপণালি নকৰিব। শৰীৰ বৰ উন্নত নহয়। অভাৱ। বুদ্ধিজীৱীৰ দুশ্চিন্তা কম। পঢ়াত যত্ন লওক। 

বৃশ্চিক :  ঘৰ-গৃহস্থলিৰ প্ৰতি যদি মন কৰে উন্নতিৰ সুযোগ পাব। মাতৃৰ বেয়া নহয়। বাধ্য হৈ বলিষ্ঠ বা দৃঢ় পদক্ষেপ দিবলগীয়া কিবা পৰিস্থিতিৰ সৃষ্টি হ’বও পাৰে। বিভিন্ন শত্ৰু, গোপন ষড়যন্ত্ৰ চলি আছে বুলি নিজেও সষ্টম থাকক। 

ধনু : শৰীৰ মধ্যম। জনপ্রিয়তা বৃদ্ধি। ভগ্নীৰ পৰা সুখ। শৰীৰ বেয়া নহয়। সদায় ব্যস্ত ভােব তথা সষ্টম। ভ্রমণপ্রত্যাশী। নতুন পৰিবেশ। তথাপি আপোনাৰ পিচত বদনাম গোৱা ব্যক্তি নকমিব। 

মকৰ : আর্থিক উন্নতিৰ সুযোগ। অথবা লােগ বুলিলে ধন পালেও প্রয়োজন সাপেক্ষে সঞ্চিত ধনতো হাত দিবলগীয়া হ’ব । খৰচৰ মাত্রা বৃদ্ধি। মান-সন্মান লাভ হ’লেও তাতো ইতিবাচক কিবা বাধা দেখা যায়। মাতৃৰ ভালেই। দাম্পত্যত মধ্যম। 

কুম্ভ : কিছুমান কথাত নিশ্চিত নহ’ব। দাম্পত্যত প্রয়োজন বৃদ্ধি হােৱাত মূল কৰ্মৰ পৰা কিছু আতৰিবলগা হ’ব। সম্ভৱস্থলত কিছু বুদ্ধি, যোগ্যতাৰে সংগ্রাম কৰি স্থিতি সবল ৰখাৰ প্রয়োজন হ’ব। পঢ়াত ভালেই। খৰচ। ভাই-ভনীৰ সহায়। 

মীন ’ অর্থ হানি বা ৰোজগাৰী কর্মত বিশেষ লাভৱান নহ’ব। প্রেম-প্রীতিতো বৰ শুভ নহয়। কোনোৰ ভুল বুজাবুজিয়ে মন অশান্ত কৰিব পাৰে। অৱশ্যে ধর্মীয় নিষ্ঠা ৰক্ষা বা কিবা তেনে দায়িত্ব সুকলমে পালন কৰি খ্যাতি অর্জন কৰিব।
Share on Google Plus

About Axomiya Rashifal

Published on daily, Weekly, monthly and yearly Horoscope only on Assamese Language.

0 comments:

Post a Comment