সাপ্তাহিক ৰাশিফল : ৩০ ছেপ্টেম্বৰৰ পৰা ৬ অক্টোবৰ, ২০১৬ লৈ


মেষ : সন্দেহযুক্ত পৰিবেশৰ সৃষ্টি সম্ভৱ। ফলত মনৰ মাজত কিবা শংকাইবাহ ল’বও পাৰে। কৰ্মত তৎপৰ৷ পৰাখিনি দৃঢ়তা ৰক্ষা কৰিবলৈ যত্ন কৰা দেখা যাব। সাম্প্রদায়িক ঐক্য ৰক্ষাৰ চেষ্টাত অগ্ৰগতি। সহজতে ক্ষুন্নতা। অৱশ্যে কূটনীতিত বেয়া নহয়। মই বৰ ভাবৰ প্ৰকাশ। পূজ্যজনৰ কাৰণে হয়। প্রতিযোগিতাত বেয়া নহ’ব। পত্নীৰ সহযোগ। ব্যৱসায়ত মন দিলে অনুকুল। ঘৰুৱাত কিবা কাৰণত ব্যস্ততা বৃদ্ধি।

বৃষ : মায়ৱিকৰ লগতে উগ্রতায়ো প্ৰভাৱ পেলাব পাৰে। চকুৰ আমনি। পত্নীৰ শৰীৰাে বৰ সবল নাথাকিব পাৰে। কিবা প্রত্যাহ্বানৰ প্ৰতিৰােধৰ কাৰণে দুর্দান্ত সাহসিকতাৰে চেষ্টা কৰাৰ মন হ’লেও নিজক নিয়ন্ত্ৰণ কৰাটাে ভাল। দুই-এক তথাকথিত উচ্চস্তৰীয় ব্যক্তিৰ মন্তব্যত ক্ষোভিত হ’ব পাৰে। কিন্তু সংযমী হ’লে বিভিন্ন পৰিবেশ পৰিস্থিতি, জনসমাগণত উপস্থিত থাকি সুখী হ’ব। বিদ্যাত শুভ।

মিথুন : সৃজনীমূলক সংযোগ। সেইদৰে নিজেও ব্যস্ত থাকিব পাৰে। কিন্তু সপ্তমৰ মঙলৰ অৱস্থানে দাম্পত্যত কিবা সমস্যাৰাে সৃষ্টি কৰিব। তথাপি পঢ়া-শুনা, ঘৰুৱা পৰিবেশত বিশেষ প্রতিকুল ছায়া নপৰিব। কিবা ‘জেদ পুহি ৰাখি যুঁজ কৰি আছিল যদি যোগাত্মক ফলো হ’ব পাৰে। কিন্তু আকোঁৰগোজভাবে সাময়িক অসুবিধাৰ সৃষ্টি কৰিবও পাৰে। পঢ়াত শুভ। দুষ্টৰ ষড়যন্ত্র উলাই নকৰাই ভাল।

কর্কট : যাৰ বৃহস্পতি জন্মতে নৱমত উগ্রভাবে আছে, হঠাৎ দূৰ ভ্ৰমণৰ লগতে বিদেশ গমণৰাে সুযোগ পাব। স্বাধীন চিন্তাই প্রায় কর্মত প্ৰভাৱ পেলাব পাৰে। সবাৰো প্রতি শ্ৰীতিভাব থাকিলেও কিবা অজনিত আশংকাৰ কাৰণে। অতি সাৱধানে অপেক্ষা কৰাৰ সম্ভাৱনা। অৱশ্যে অন্তদৃষ্টি বা সূক্ষ্ম অনুজ্ঞা শক্তিয়ে বহুক্ষেত্ৰত সহায়ো কৰিব। স্বকৰ্মত ব্যস্ততা বৃদ্ধি। বিদ্যাত শুভ। অদৰকাৰী বুলি ভবা কিছুমান উৎস বন্ধ কৰি দিবও পাৰে।

সিংহ : ব্যক্তিত্বৰ প্ৰভাৱ উন্নত। তেনেদৰে কৰ্মতো কৃতকার্যতাৰকাৰক।চৰকাৰী দায়িত্বত থাকিলে নিষ্ঠাৰে পালন কৰাৰ যোগ্যতা থাকিলেও হঠাৎ কোনোৰ সৈতে ভুল বুজাবুজিও হ’ব পাৰে। মানসিক স্থিতিৰাে (ভিন্ন সময়ত) কিবা সলনি হােৱাৰ সম্ভাৱনা। খং-ৰাগ উঠিব পাৰে। বাবে এনে ক্ষণ উপস্থিত হ’লেই নিজে সষ্টম থাকক আৰু সংযমী হওক। অনুসন্ধানীয় কর্মত ৰুক্ষভােব বর্জন কৰিলে বেছি সফল হ’ব পাৰে। পঢ়াত বেয়া নহয়। শৰীৰৰ পিচে যত্ন ৰাখক।

কন্যা : ৰাশ্যাধিপতি দ্বাদশত। সেই হিচাপে আপোনাৰ মন কিছু বিক্ষিপ্ত থাকিবও পাৰে। হ’লেও আপোনাৰ ইচ্ছাশক্তি প্ৰবল। আনহাতে আর্থিক ভাগ্য বা কোনো লাভজনক কর্মত ৰুচি অনুযায়ী অগ্ৰগতি কৰিবলৈ সমর্থ হ’ব। পত্নীৰ ব্যৱহাৰ-পাতিতো বেয়া দেখা নাযায়। বিয়া পাতিব খোজাৰ কিছু অগ্ৰগতি। যিসকলে হােটেলৰেস্তোৰাঁ চলাই আছে লাভজনক সংযোগ আশা কৰিব পাৰে। সংগ সুখ। শত্রু নিম্প্রভাদিৰ শুভ সংযোগ।

তুলা : শুক্র স্বগৃহী হৈ আপোনাৰ ব্যস্ত মনক কিছু জীপাল কৰিব। আনেও কিছুমান কথাত বিশ্বাস কৰিব। হাতত লোৱা কর্ম ভালেই দেখা যায়। নেতা নেতা ভাব জাগ্ৰত। অনুগামীৰ সৈতে মিলি নতুন প্লেন কৰিবও পাৰে। সংগীত শিল্পত যাৰ চৰ্চা আছে। তেওঁৰো বেয়া দেখা নাযায়। দাম্পত্যত অত্যধিক খৰচ। নতুন নতুন সমস্যাও নিয়ন্ত্রণ কৰাটো টান হ’ব। বহু পৰিশ্রম বা কষ্টৰে জীৱিকা চলাইও লাভৱান যদি হােৱা নাছিল, এই সাদিনৰ ভিতৰত তাৰ উন্নতি আশা কৰা যায়। 

বৃশ্চিক : বহু প্রতিকূল পৰিবেশৰ লগতে কিছুমান অনাহক পেলাই ৰখা কাম পুনজীৱিত কৰাৰ চেষ্টা কৰিব। আর্থিক নাটনি হ’লেও তাৰ কাৰণে ব্যৱস্থাও কৰাৰ সম্ভাৱনা। নতুন উদ্যম। কথা দি কথা ৰখাৰ কাৰণে যথাসাধ্যে চেষ্টা কৰিব। অৱশ্যে ৰাজনীতিত বিভিন্ন ৰাজনৈতিক বাধাৰ কাৰণে নিশ্চিন্তে আগবঢ়াত সমস্যা থাকিব। সহযোগীৰ সহায়। লগতে পঢ়া-শুনাতো বেয়া নহয়। কোনো কোনো সময়ত পূৰ্বৰ কথাই আমনি কৰিবও পাৰে। পঢ়াত ভালেই।

ধনু : জ্যেষ্ঠ কোনে ভ্রাতা-ভগ্নীৰ দৈহিক ক্ষেত্ৰত চকু ৰখাটাে উচিত।আনহাতে মনোেবল বা দৃঢ়তাৰাে অভাৱ নহ’ব। খং অভিমান হ’ব পাৰে, পিচে তাকে লৈ আৱেগিক হৈ পৰিলে বিপদৰ সন্মুখীন সম্ভৱ। কর্মক্ষেত্ৰত নিষ্ঠাৰে আগবঢ়াৰ যত্ন কৰক। কিছু পৰিবৰ্তনৰ মুখামুখি বা অৱস্থান সলনিৰ যোগ। আত্মবিশ্বাস ধীৰগতিত বৃদ্ধি পোৱাৰ সম্ভাৱনা। সম্পত্তিৰ লেঠা আছে যদি জটিললৈ যোৱাৰ আগতে সতর্ক হওক। শৰীৰ মধ্যম। পঢ়াত যত্নৰ ফল।

মকৰ : অসাৱধানতা, আনমনা বা অন্যান্য যোগাযোগত খং-ৰাগ আদি বর্জন কৰিব নোৱাৰিলে বিপদত পৰিব পাৰে। সুযোগ বুজি কোনোৱে বদনামো কৰিব। অৱশ্যে শুভ মংগলৰ দশা চলিলে এনে বিপদৰ পৰা উদ্ধাৰ পাব, লগতে বৃহস্পতিৰ সুদৃষ্টিযুক্ত থকাত উক্ত সমস্যাই বিশেষ প্ৰভাৱ বিস্তাৰ নকৰিব। দূৰদৰ্শিতা, সুবিচাৰেৰে এই সাদিন পাৰ কৰিব। এই সাদিনৰ পিচত যশ মানো বৃদ্ধিৰ যোগ। মাতৃৰ মধ্যম। পিতৃৰ অনুকুল। উচ্চ শিক্ষাৰ্থীৰ প্ৰেৰণা। ৰাজনীতিত দৃঢ়তা।

কুম্ভ : নানা জঞ্জালৰ মূৰতো আপোনাৰ চেষ্টাই শুভফল দান কৰিব। কৃষিত কিবা শংকা আছিল যদি ধীৰেৰে আতৰ হ’ব। জনপ্রিয়তা বৃদ্ধি। কিন্তু নভবা-নিচিন্তাকৈ একো জটিল কামত হাত নিদিব। আপুনি যদি কিছু বয়সস্থ, শুভ সংবাদ লাভ কৰাৰ যোগ। পঢ়াত শুভ। সীমিত সংখ্যক বিশ্বস্ত বন্ধুৰ পৰা অফুৰন্ত সহায়। আত্মবিশ্বাসী বা স্বনিৰ্ভৰশীল হ’লে বেছি আনন্দিত হ’ব। জ্যেষ্ঠ ভ্রাতান্দিৰ প্ৰেৰণা লাভ। ভ্ৰমণ।কর্মত তৎপৰতা। নতুন প্রস্তুতি।

মীন : মন খুব বেয়া নহয়। বিভিন্ন লোকৰ পৰা সহানুভূতি বা সহযোগ লাভ কৰিবও পাৰে। শৰীৰে পিচে সাধাৰণ আমনি দিব। মানসিক ছাপে এৰাব পৰা টান। নতুন ভাবে প্রতিষ্ঠা লাভ কৰাৰ প্ৰস্তুতি কৰিছে যদিও,অগ্রগতি কৰিব। দাম্পত্যত এই সাদিনৰ তুলনাত পৰৱতী সময়ত উন্নত কল্পনা কৰিব পাৰে। সন্তানৰ শুভ। অবিবাহিতইও চেষ্টা চলালে কৃতকার্য হােৱাৰ যোগ। মাতৃৰ মধ্যম। ঘৰুৱাত পূৰ্বৰ পৰিবেশৰ উন্নতি এই সাদিনৰ বিশেষ ফল হ’বও পাৰে।
Share on Google Plus

About Axomiya Rashifal

Published on daily, Weekly, monthly and yearly Horoscope only on Assamese Language.

0 comments:

Post a Comment