আজিৰ ৰশিফল :: সোমবাৰ। ১৯ ছেপ্টেম্বৰ, ২০১৬

সোমবাৰ। ১৯ ছেপ্টেম্বৰ। ২ (দৃক ৩) আহিন। ৰাষ্ট্ৰীয় ২৮ ভাদ্র। ১৭ জেলহজজ। গুৱাহাটীত ? সূউঘ্য ৫/১৫, সূআঘ ৫/১৯। চন্দ্ৰোদয় ৰা ৭/২৯ মিনিটত। মেষ ৰাশি। কৃষ্ণ তৃতীয়া দি ৩/৭ লৈ। অশ্বিনী ৰা ১০/২৯ লৈ। ধ্রুৱা যোগ। অভক্ষ ৪ পটল, দি ৩/৭ৰ পৰা মূলা। (বিশুদ্ধ সিদ্ধান্ত পঞ্জিকামতে)। (ব্যৱহাৰ্য উত্তম কাল ঃ দি ১২/৪৫ৰ পৰা দি ২/১৫ লৈ।)


মেষ : হিচাপমুখী মন। বিশেষকৈ অর্থ সম্পৰ্কীয় দিশত বিশেষ সজাগ। লগতে সামাজিকতো সচেতন।। ৰাইজৰ সেৱাত থকাত ব্যস্ততা। কোনো পুৰণা সম্পৰ্কত ভুল ধাৰণা। ঘৰুৱাত সতর্ক থাকক। বিদ্যাত শুভ। 

বৃষ : শৰীৰৰ বৰ ভালেৰে যোৱা টান। মাত্ৰাধিক পৰিশ্রম এৰাই চলক। পৰিচালিকাৰ ভালেই। কিডনী, মধুমেহৰ দোষ থাকিলে বাঢ়িব পাৰে। খৰচ। সংগীত আদিত ভালেই। আশাপূর্ণ সংযোগ। পত্নী বা দাম্পত্যত মধ্যম। 

মিথুন : সুদৰ্শন কন্যা লাভৰ যোগ। প্ৰেমত বেয়া নহয়। মাতৃৰ দৈহিক অথন্তৰ সম্ভৱ। কিন্তু দাম্পত্যত অলপ সচেতন থকাটাে ভাল। অৱশ্যে ঘৰুৱাত পূৰ্বৰ তুলনাত উন্নত। পঢ়াশুনাত অগ্রগতি। ক্ষমতামুখী। 

কৰ্কট : গৃহত মোটামুটি । অৱশ্যে পূৰ্বৰ তুলনাত আশাপ্রদ। বিভিন্ন বাধা-বিঘিনি বৃদ্ধি হ’লেও ধৈর্যৰে নিয়ন্ত্রিত। শিক্ষা বিভাগত থকাৰ শুভ বা শিক্ষণীয় দিশত বিশেষ মনােযোগ। মাতৃৰ কাৰণে গৌৰৱ। 

সিংহ : মর্যাদাসম্পন্ন পৰিবেশ। বিভিন্ন লোকৰ সাধুবাদ পাই সুখী। ভাই, প্রতিবেশী আদিৰ সহযোগ, সহানুভূতি উৎসােহপূর্ণ। হাতত লোৱা কাম সম্পাদনত বাধা নাই। অর্থ সঞ্চয়ৰ প্ৰতি সজাগ বা সেই বিষয়ে হিচাপ-নিকাচ। পঢ়াত আগ্রহ। 

কন্যা : উদাৰ মন।। পৰৰ উপকাৰ বা উৎসাহ দান কৰি সুখী হ’ব যদিও উপকাৰীয়ে বৰ কৃতজ্ঞ নহ’বও পাৰে। অৱশ্যে ধর্মীয় আত্মা উন্নত থকাত ক্ষোভিত নহ’ব। প্রত্যক্ষ শক্রি হ্রাস। মামলাত জয়। মনোেবল। অর্থ লাভ। ভাগ্যোন্নতিৰ সুযোগ। 

তুলা : দাম্পত্যত খুব বেয়া নহয়। বিশ্বাসযোগ্য ব্যৱহাৰ। আৱেগঅনুভূতিপ্রৱণতা। ধর্মীয় বা কোনো দৰকাৰী কাৰণত ব্যয় বৃদ্ধি। সৰু-সুৰা জঞ্জাল থাকিলেও কিছু সহনীয় হ’ব। শিল্পকলা তথা সমাজ সচেতনৰ সুনাম। 

বৃশ্চিক : নিম্নবৰ্গৰ লোকৰ সকলো কথা গ্ৰহণ নকৰাই ভাল। ৰাজহুৱা অনুষ্ঠানৰ সৈতে জড়িত হ’লে অনুকূল। আনহাতে কিবা অঘটনৰ সাক্ষী হৈও পৰিব পাৰে। পৰিলেও উপস্থিত সৎ বন্ধু আৰু আপোনাৰ পূর্ব সুকীর্তিৰ কাৰণে দুর্যোেগ হ্রাস নিশ্চিত।

ধনু : শৰীৰ মধ্যম। নতুন দায়িত্ব লাভ। আশাবাদী। আনৰ প্ৰতি সদয়। পিচে এনে সৎ চিন্তাকো শনিয়ে বাধা দিয়াৰ উপৰি গোপন শত্ৰুও সৃষ্টি কৰিব পাৰে। বিদ্যাত শুভ।

মকৰ : চতুর্দিশে সমতল ৰক্ষা কৰিবলৈ চেষ্টা কৰিও সিমান সফল নহ’ব। কিন্তু আপোনাৰ ধৰ্ম-কৰ্মৰ প্ৰতি নিষ্ঠা থাকিব। লগতে থাকিব মধুৰ ব্যৱহাৰ। বিপৰীত লিংগৰ সৈতে যিকোনো গঠনমূলক কামত কৃতকার্য হ’ব।

কুম্ভ : আয় বাঢ়িব পাৰে। বাঢ়িলেও সন্মুখত প্রত্যাহ্বান আহিব। কিন্তু আপোনাৰ সহনীয় শক্তি আৰু উপস্থিত বুদ্ধিৰ লগতে কোনো প্ৰভাৱশালী বা গুণী লোকৰ সহায়ত নিয়ন্ত্রিত হ’ব।

মীন : নিজ কৰ্মত সফলতা লাভৰ কাৰণে অহৰহ যদি লাগি আছিল, তাৰ অনুকূল ফল লাভ কৰিব। বিদ্যাত ভালেই। হাতত লোৱা কামত অগ্রগতি। তথাপি প্ৰতাৰকৰ প্ৰতাৰণাৰ প্ৰতি সজাগ থাকক। দাম্পত্যত বেয়া নহয়।
Share on Google Plus

About Axomiya Rashifal

Published on daily, Weekly, monthly and yearly Horoscope only on Assamese Language.

0 comments:

Post a Comment