আজিৰ ৰাশিফল : মঙলবাৰ।। ২৭ ছেপ্টেম্বৰ, ২০১৬

মঙলবাৰ।। ২৭ ছেপ্টেম্বৰ।। ১০ (দৃক ১১) আহিন (ৰাষ্ট্ৰীয় ৫ আঃ) ২৪ জেলহজজ। গুৱাহাটীত ৪। সুউঘ্য ৫/১৮, সূঅঘ ৫/৯। চন্দ্ৰোদয় ৰা ২/৪২ মিনিটত। কর্কট ৰাশি, আঘ ৪/০ ৰ পৰা সিংহ। কৃষ্ণ দ্বাদশী ৰা ১/৩৪ লৈ, অশ্লেষা দি ৪/০ লৈ। সিদ্ধ যোগ। অভক্ষ ৪ পুৰৈ, ৰা ১/৩৪ ৰ পৰা বেঙেনা। (বিশুদ্ধ সিদ্ধান্ত পঞ্জিকামতে)। (ব্যৱহাৰ্য উত্তম কাল ঃ দি ১১/১৪ৰ পৰা দি ১২/৪৩ লৈ।)



মেষ : শৰীৰ বন উন্নত নাযাব। লগতে মনো। অৱশ্যে সমাজ সচেতন সকলৰ কৰ্মৰ ধাৰাবাহিকতা থাকিব। বুদ্ধি-বৃত্তিৰাে বিকাশ সম্ভৱ। লগতে ভাবানুভূতি তথা মান-মর্যাদাৰ ক্ষেত্ৰত সচেতন থকাৰ প্রয়োজন অনুভৱ কৰিব। পঢ়াত কুশল। ধর্মীয় নিষ্ঠা। বন্ধু লাভ।

বৃষ : কিছু সাৱধানে চলাৰ চেষ্টা ৰাখক। বিশেষকৈ ফুৰা-চকাত। মানসিক উদ্বেগ। বিভিন্ন পৰিকল্পনা। দাম্পত্যত কিছু জটিলতা। তথাপি আপোনাৰ আদৰ্শমূলক কর্মত অনুগামীৰ আগ্রহ দেখিব। সন্তানৰ ক্ৰমবিকাশ। গভীৰ চিন্তা।

মিথুন : উন্নত বুদ্ধি-বৃত্তি। পত্নীৰ দেহ ঠিক নাযাব পাৰে। আনহাতে ঘৰুৱাত কিবা নতুন সংযোগ কৰাৰ সম্ভাৱনা। দুই-এক দুষ্ট লোকৰ কাৰণে হয়তো বাধা পাব পাৰে। বিদ্যাত অনুকূল।

কর্কট : চুটি ভ্ৰমণৰ প্রয়োজন হ’ব পাৰে। ভাল কামত মন দিলেও এচামে সমালোচনা বন্ধ নকৰে। আনহাতে দৈনিক ৰোজগাৰত উপার্জন খুব বেয়া নহয়। শৰীৰ ভালে ৰাখক। দৃঢ়তা। শত্ৰুৰ প্রভাৱ সীমিত।

সিংহ : চৰকাৰী কর্মত সচেতন থকাটাে দৰকাৰ। সন্তান সম্ভৱাই ডাক্তৰৰ সহায়ত উপকৃত। জ্যেষ্ঠ সন্তানৰ দৈহিক অসুখ যাতে নহয় মন কৰক। বিদ্যাত শুভ। শৰীৰ পূৰ্বৰ তুলনাত কিছু সুস্থিৰ।

কন্যা : মাতৃৰ দেহ বৰ উন্নত নহয়। ভ্রমণাদিত আনমনা নহ’বলৈ চাব। যিসকল মহিলা চিকিৎসাত ব্ৰতী, তেওঁলোকে যাতে ভুল চিকিৎসাৰ বলি নহয় লক্ষ্য ৰাখক। আর্থিক উন্নতি। শক্ৰ থাকিলেও অপ্রকাশিত। ধন লাভ।


তুলা : কিছু অস্থিৰ পৰিবেশো। জঞ্জালমুক্ত। শৰীৰৰ জটিলতা বিশেষ নহ’লেও বতৰ পৰিবর্তনীয় অসুখত ভুগিব পাৰে কোনোৱে। কষ্ট হিচাপে প্রাপ্য নাপাব। কিবা যেন দুঃশ্চিন্তাই আমনি কৰিব। বিদ্যাত মধ্যম। কাঁহ-কফৰ যোগ।

বৃশ্চিক : শৰীৰ সম্পর্কে সচেতন হ’লে বাকী দিশত বাধা নাই। বাহ্যিক প্রশংসা পালেও সম্পূর্ণ সন্তুষ্ট নহ’ব। দায়িত্ব বৃদ্ধি। ব্যৱসায়িক দিশত অগ্রগতি। অতিৰিক্ত দায়িত্ব। নতুন সিদ্ধান্ত সম্পর্কে আলোচনা |

ধনু : শৰীৰ মধ্যম। পিতৃৰ দৈহিক তথা মানসিক উন্নতি। উচ্চ কৰ্মৰ সংযোগ। পঢ়াত যত্ন ল’লে অনুকূল। পৰিবর্তনীয় মনোভাব। হঠাৎ কৰবাত খুন্দা খাই দুখ পাব পাৰে।

মকৰ : স্বাধীন মনোভাব। চকুৰ আমনিৰ লগতে শৰীৰেও সহায় নকৰিব পাৰে। বিদ্যাত ভালেই। পঢ়া-শুনাত আগ্রহ। দূৰ যাত্ৰাত বেয়া নহয়। ৰাইজৰ কামত সন্মান। বিদেশস্থৰ অনুকুল। উপদেষ্টাসকলৰ বিচক্ষণতা।

কুম্ভ : কিছু স্বাৱলম্বিতা। পৰাপক্ষত আনৰ টকা-পইচা জমা ৰাখে যদি নিজৰ কাৰণে খৰচ নকৰিব। বিদ্যাত অৱশ্যে বেয়া নহয়। কর্মস্থানত ভালেই। নতুন কার্যভাৰ প্ৰাপ্তিৰ সুযোগ সমাগত।

মীন : দাম্পত্যত খুব বেয়া নহয়। কিন্তু দেহৰ ওপৰত নজৰ ৰাখক। জ্বৰ, কাহ আদিৰ প্রকোপৰ কাৰণে বুধ, চন্দ্ৰৰ পৰা বাধা পাব পাৰে। ব্যৱসায়ত বেয়া নহয়। নতুন যোগাযোগ ৰক্ষা কৰিব পাৰিলে লাভৱান হ’ব।


Share on Google Plus

About Axomiya Rashifal

Published on daily, Weekly, monthly and yearly Horoscope only on Assamese Language.

0 comments:

Post a Comment