সাপ্তাহিক ৰাশিফল : ২ ছেপ্টেম্বৰৰ পৰা ৮ ছেপ্টেম্বৰ, ২০১৬ লৈ


মেষ : শৰীৰ খুব উন্নত নাযাব পাৰে। একাধিক শুভাশুভ প্ৰভাৱৰ মাজেৰে এই সাদিন পাৰ কৰিব। বলিষ্ঠ ধাৰণা থাকিলেও সকলোৰে মন স্পর্শ কৰিব পাৰেনে নোৱাৰে লক্ষ্যণীয় হ’ব। কিন্তু সহানুভূতিশীলতা, কর্মতৎপৰতাৰ লগতে কিছু পৰিবর্তনমুখী হােৱাত মনত চাপ পৰিব। পঢ়াত শুভ। মাতৃৰ দেহৰ প্ৰতি যত্ন ৰাখক। সন্তানৰ খুব বেয়া নহয়। 

বৃষ : গভীৰ চিন্তা বা দার্শনিক ভাৱনাত ব্যস্ত থকাৰ যোগ। আনহাতে পৰিকল্পনাদিত দায়িত্ব থাকিলে যোগ্যতা প্রদর্শন। কিন্তু পূর্ব কোনো ভুলৰ সংশোধন নকৰিব বা কৰোঁতে বিশেষ কষ্ট অনুভৱ কৰিব। শূন্যৰ পৰা আৰম্ভ কৰা জেদভাবত বিশেষ লাভৱান নহ’ব। শিল্পী সুলভতা। পঢ়াত আগ্রহী। নতুন কামৰ সন্ধানত কিবা যোগাত্মক ইংগিত। পত্নীৰ কষ্ট। 

মিথুন : সামাজিক, আর্থিক আদিত সফলতা। একেদৰে নিজৰ সুবুদ্ধিৰে জটিল কোনো সমস্যাও সমাধান কৰাৰ সুযোগ পাব। পিচে সন্মুখত বিশেষ দুৰ্যোগ উপস্থিত হ’লে সাৱধানে থকাটাে ভাল। অৱশ্যে মানসিক ধৈর্য অতুলনীয়। শত্রুৰ অপচেষ্টা থাকিলেও সমিলমিলেৰে যিকোনো কর্মত আগবাঢ়িলে বিপদে পীড়া কৰিব পৰা টান। আনহাতে আপোনাৰ যদি দায়িত্ব অর্থ সম্পকীয়া হয়, তেনে যোগ্যতাৰ পৰিচয় দিবলৈও সক্ষম হ’ব। বিদ্যাত বেয়া নহ’ব। 

কর্কট : কিবা স্পর্শকাতৰ কথাত গুৰুত্ব দিলে ক্ষতিগ্ৰস্ত হ’ব। গতিকে সাৱধানে এই দিশত মন দিয়ক। খং-ৰাগ বিৰক্তিৰ প্ৰকোপতে অকথ্য শব্দ মুখত প্রকাশ পোৱাৰাে সম্ভাৱনা। গতিকে অতি সংযত হওক। খেলা-ধূলাত কৃতকার্য। গুণী অথচ দুর্বল কোনোৰ প্ৰতি দয়া হ’ব আৰু তাক সহায় কৰাৰ চেষ্টাও কৰিব। অৱশ্যে নিজক বেছি গুৰুত্ব দিয়াৰ চেষ্টা হ্রাস কৰক।

সিংহ : যিকোনো বিবাদমূলক কথাত নিৰপেক্ষৰ ভূমিকা লৈও শান্তিত কটাব পৰা টান। শৰীৰাে খুব ভালেৰে নাযাব পাৰে। তথাপিতো নতুন দিনৰ সপোন বাস্তৱত অনুভৱ কৰিব। পঢ়া-শুনাত বেছি বাধা নাই। মাতৃৰ দেহ দুর্বল। ধমীয় আস্থা। আন্তঃৰাষ্ট্ৰীয় কূটনীতিবিদৰ ভূমিকাৰ দৰে আপোনাৰাে বিচক্ষণতা স্থানীয়ভাবে স্বীকৃত হােৱাৰ পথত। কিন্তু এনেবোৰে গৰ্ব-অহংকাৰ সৃষ্টি কৰিব পাৰে বাবে সংযত হওক। 

কন্যা : মেনুৱেল কামৰ তুলনাত যান্ত্রিক কামত বেছি উৎসাহ দেখা যায়। শৰীৰ কিছু দুর্বল। কর্মতো কম-বেছি পৰিমাণে পূৰ্বৰ তুলনাত আশাপ্রদ। দাম্পত্যত খুব বেয়া নহয়। সাহিত্য-সংস্কৃতিৰ লগতে নব্য কর্মধাৰাৰ প্ৰতি আপোনাৰ উৎসাহ স্মৰণীয়। বিদ্যাতো বেয়া নহয়। খৰচ কমাও বুলি কমাব পৰা টান। সৃজনীমূলক কর্ম তথা সুশৃংখল ৰক্ষা কৰাৰ প্ৰতি আপোনাৰ বেছ আগ্রহ দেখা যাব। শত্ৰুৰ পীড়া কম৷ কল্পিত কোনো কামত সুখ৷

তুলা : কৰো বোলা কাম বা কাৰো প্ৰতি সন্দেহজনক ভাব থাকিলে তৎক্ষণাত নিয়ন্ত্ৰণ নকৰিবও পাৰে৷ তদুপৰি আনৰ উপদেশক আগ্ৰাহ্য কৰাৰ সম্ভাৱনা অধিক৷ সমস্যাৰ পিছত সমস্যাই এৰা নিদিলেও প্ৰতিটো সমস্যা সমাধানৰ চোষ্টা চলাব৷ মান-সন্মান লাভ। জ্ঞাতি-কুটুম্বৰ সংগ বা সংবাদত সুখ। কোনো সুহৃদৰ বা উত্তৰাধিকাৰীৰ কৃতকার্যতাত আনন্দিত। বিদ্যাত শুভ৷

বৃশ্চিক : মানসিক পৰিশ্ৰমৰ বিপৰীতে বহুতৰ অভাৱ-অভিযোগো শুনিবলগীয়া হ’ব। সাম্ভাৱ্য সংকটৰ কথা ভাবি ধৈৰ্যৰে তাৰ পৰা নিস্কৃতি পোৱাৰ চেষ্টা কৰিব। বিদ্যাত বেয়া নহয়। দূৰদৰ্শিতাক পিচে কর্মত ব্যৱহাৰ কৰাৰ চেষ্টা কৰক। মাতৃৰ মন উন্নত। একেদৰে সহানুভূতিশীল লোকৰাে অভাৱ নহয়। ধর্ম তথা মানৱ প্ৰেমৰ প্ৰতি থকা বিশ্বাস বৃদ্ধি পাব।

ধনু : কৰ্মত ভালেই৷ সেই হিচাপে সৎ কামৰ সংযোগো লাভ৷ কিন্তু তাতো দুষ্ট চক্ৰৰ হাঁতোৰা উদ্যত থাকিব। অৱশ্যে নৈতিক বিশ্বাস আৰু আত্মবল বেছি থকাত এনে দুৰ্যোগৰ পৰা মুক্ত হ’বও পাৰে। দাম্পত্যত ভালেই দেখা যায়। পিতৃৰ শৰীৰ বৰ উন্নত নাযাব পাৰে। সাহিত্য-সংস্কৃতিত থকাসকলৰ বেয়া নহয়। শিক্ষক-শিক্ষয়িত্রী, ডাক্তৰসকলৰ জটিলতা। তাৰ মাজেৰেও অনুকূলতা অনুভৱ কৰিব। 

মকৰ : কর্মস্পৃহা। দেশহিতৈষী মনোভাব। মনো প্ৰফুল্ল থকাৰ যোগ। সন্তানৰ শ্ৰীবৃদ্ধি। দাম্পত্যত অৱশ্যে কিছু যদি যুক্তিসংগত কাৰণত মতৰ অমিল হ’লেও খন্তেকীয়া হ’ব। মান-মৰ্যাদা পায়ো যেন বৰ আনন্দিত নহ’ব। পঢ়া-শুনাত ভালেই দেখা যায়। বিবাহ পাতিব খোজাৰ ক্ৰমে দায়িত্ব বৃদ্ধি আৰু ব্যস্ততা। মাতৃৰ মনৰ উদ্বেগ। পিতৃৰ মধ্যম। 

কুম্ভ : নিজৰ ওপৰত থকা অগাধ বিশ্বাসে যাতে বিপদত নেপেলায় চকু ৰাখক। কিয়নো নিজৰ ক্ষমতাৰে আনকো প্রভান্বিত কৰাৰ মৃদু। আভাস দেখা যায়। অৱশ্যে ধমীয় বা আধ্যাত্মিক সচেতনতাই মন উন্নত কৰিব। সৎ কৰ্মৰ প্ৰতি আগ্রহী। অজ্ঞানীক জ্ঞান দিয়া দৰিদ্ৰক সহায়কৰাৰ মানসিকতা। কিন্তু কিছুমান ভুল বিশ্বাসে আপোনাক বিপদত নেপেলায় যাতে সাৱধান হওক। পঢ়া-শুনাত বাধা নাই। শৰীৰৰ প্ৰতি সতর্ক হওক। মাতৃৰ মধ্যম।

মীন : সামাজিক, আধ্যাত্মিক উন্নতি। তেনে কৰ্মৰ মানসিকতাই এফালে আনন্দিত কৰিলেও এচামৰ পৰা উৎসাহ পাব কম। কিন্তু আপুনি সদায় আদর্শমূলক কাম আৰু আত্মবিশ্বাসত গুৰুত্ব দিয়াৰ কাৰণে সতীর্থ তথা অনুগামীসকলৰাে প্রশংসা লাভ কৰিব। একেদৰে একাধিক বিপদতো ধৈর্যচ্যুত নহয়। বৈবাহিক যোগাযোগ কৰাে বুলিলে সুযোগপাব। মাতৃৰ দেহ বৰ উন্নত নাথাকিব। পঢ়াত শুভ।
Share on Google Plus

About Axomiya Rashifal

Published on daily, Weekly, monthly and yearly Horoscope only on Assamese Language.

1 comments:

  1. রাশিফল সম্পর্কে জানতে পেরে আমি খুবই উপকৃত হয়েছি। জন্ম তারিখ অনুযায়ী রাশিফল জানতে আমাদের ওয়েবসাইট ভিজিট করুন।

    ReplyDelete