আজিৰ ৰশিফল :: সোমবাৰ।। ৫ ছেপ্টেম্বৰ, ২০১৬

সোমবাৰ।। ৫ ছেপ্টেম্বৰ। ১৯ (দৃক ২০) ভাদ। (ৰাষ্ট্রীয় ১৪ ভাদ্র)। ৩ জেলহজজ। গুৱাহাটীত ঃ সৃউঘ ৫/৯, সূঅঘ ৫/৩৫। চন্দ্ৰোদয় দি ৮/১৬, অস্ত ৰা। ৮/৪। কন্যা ৰাশি। পুঘ ৬/১৫ৰ পৰা তুলা। শুক্ল চতুর্থী ৰা। ৯/১০ লৈ। চিত্ৰা ৰা ৭/৪০ লৈ। শুক্ৰ যোগ। (ৰা ৮/৪ লৈ নষ্টচন্দ্র দর্শন নিষেধ।) অভক্ষ ৪ মূলা, ৰা ৯/১০ৰ পৰা বেল। (ব্যৱহাৰ্য উত্তম কাল ঃ দি ১২/৫৯ৰ পৰা দি ২/৩৩ লৈ)।



মেষ : ব্যস্ততা। সাময়িক অস্বস্তি। বুদ্ধি-বৃত্তিৰ লগতে আত্মবিশ্বাস বৃদ্ধি কৰিব পাৰিলে কষ্টসাধ্য কামো সমাধা কৰাটাে সহজ হ’ব। পঢ়াত ভালেই। দাম্পত্যত শাৰীৰিক, ভূ-সম্পত্তিৰ কিবা লেঠা আদি সম্ভৱ। 

বৃষ : প্রীতিমূলক যোগাযোগ। কর্মদক্ষতা। ক্ষমতা থাকিলে তাৰ সদ্ব্যৱহাৰ কৰি সমাদৃত হ’ব। কিন্তু দাম্পত্যত সম্ভৱস্থলত জটিলতা নিয়ন্ত্ৰণ কৰাটাে কঠিন হ’ব। অর্থকষ্ট। পঢ়া-শুনাত অগ্রগতি। নতুন কামৰ চেষ্টা। 

মিথুন : সামূহিক কৰ্মত ভাল বুজাবুজি দেখা যায়। আনহাতে কর্ম পৰিচালনাতো দক্ষতা থাকিব। পৰিকল্পনাও থাকিব উন্নত। ঘৰুৱা পৰিবেশ মধ্যম। মাতৃৰ শুভ। শৰীৰ উন্নত নহয়। 

কৰ্কট : চিন্তিত পৰিবেশ। মনো বেয়া হ’ব পাৰে। সংগীৰ ভুল বুজাবুজি সম্ভৱ। গতিকে ধৈর্য আৰু নিষ্ঠাৰে স্বকৰ্মত আগবাঢ়ক। তথাপি অধিকসংখ্যক লোক আপোনাৰ কৰ্ম আৰু মানসিকতাৰ সপক্ষত থাকিব। বিদ্যাত শুভ। সিংহ : আনন্দিত সংবাদ। কোনো প্রেৰণামূলক কৰ্মৰ জৰিয়তে নতুন চিন্তা। তথাপি গৃহ পৰিবেশৰ প্ৰতি নজৰ ৰাখক। পূর্ব ফন্ধুনী (১১) নক্ষত্ৰৰ জাতকৰ বেছি শুভ। মনোেবল। কিন্তু উগ্র সাহসিকতাৰে একো নকৰিব।

কন্যা : কর্ম সংযোগ ভালেই। প্রতিযোগীৰ বিজয়। হাতত লোৱা কামত অগ্রগতি। পিচে খৰচ আৰু নভবা দুই-এটা সংবাদ। কর্মস্থানত সুনাম। সাহস। শৰীৰৰ যত্ন লওক। ডাক্তৰ, বিচাৰক, শিক্ষক শিল্পী আদিৰ শুভ। মাতৃৰ দেহ পিচে ঠিক নহ’ব। 

তুলা : খৰচ বেছি। কিছুমান উপৰুৱা জঞ্জাল। আত্মতুষ্টিৰ চেষ্টা। সুযোগ বুজি পৰদােষ খুচৰি আনন্দিত। ব্যক্তিগত পৰিকল্পনা ঠিকমতে ৰূপায়ণৰ চেষ্টা। শৰীৰ মধ্যম। খৰচ-অশান্তিয়ে এৰা নিদিব। 

বৃশ্চিক : একাধিক বাহিৰা চাপ অনুভৱ। আনহাতে নিজকে প্রতিষ্ঠা কৰিবলৈ দৃঢ় হ’ব। ধর্ম-কর্ম, সংস্কাৰ কৰাৰ চেষ্টা। ৰাইজৰ সৈতে মিলি ভাল পাব। কর্মত বলিষ্ঠ পদক্ষেপ দিলেও বাধাৰ মুখামুখি। 

ধনু : এখোজ অগ্রগতি কৰিব, কিন্তু আচীন বিৰোধী শক্তিৰ ষড়যন্ত্র অনুভৱ কৰিব। অৱশ্যে গুৰু-ৰবিয়ে দুয়ো আপোনাৰ নীতিগত কর্মত বিশেষভাৱে সহায় কৰিব। মাতৃৰ মধ্যম। দাম্পত্যত বেয়া নহয়।

মকৰ : মন ভালেই। কিছু যেন ব্যস্ততা তথা উৎকণ্ঠা। জয়ৰ কিবা সংকেত। সন্মান। নভবা সংযোগত উপকৃত। দুই-এক পৰশ্ৰীকান্তকৰ গোপন ঈর্ষা। শৰীৰ মধ্যম। শিল্প-সাহিত্য, অভিনয়ৰ নতুন সুযোগ। 

কুম্ভ : আত্মবিশ্বাস বৃদ্ধি। লগতে অধ্যয়ন, গৱেষণা আদি কার্যত পণ্ডিত্যপূর্ণ যোগ্যতা স্বীকৃত। কর্মত সংগীৰ সহায় পাব। কিন্তু কিবা আসোৱাহ আহিলে তৎক্ষণাৎ অস্থিৰ নহ’ব। মর্যাদা। চঞ্চলত। দাম্পত্যকে ধৰি দেহৰ বাবেও চিন্তা। 

মীন : একাধিক অশান্তিৰ সম্ভাৱনা। অৱশ্যে ইয়ে বিশেষ ক্ষতি কৰিব নোৱাৰিব। আপুনি এনেবোৰ বিষয় সদৰী নকৰাই ভাল। উপাৰ্জনৰ উৎস সন্ধানৰ উপৰি কষ্ট কৰাটোও দৰকাৰ। দাম্পত্যত শুভ।
Share on Google Plus

About Axomiya Rashifal

Published on daily, Weekly, monthly and yearly Horoscope only on Assamese Language.

0 comments:

Post a Comment