আজিৰ ৰশিফল :: বৃহস্পতিবাৰ।। ২২ ছেপ্টেম্বৰ, ২০১৬

বৃহস্পতিবাৰ।। ২২ ছেপ্টেম্বৰ।। ৫ (দৃক৬) আহিন (ৰাষ্ট্ৰীয় ৩১ ভাদ্র) ২০ জেলহজ। গুৱাহাটীত ঃ সৃউঘ্য ৫/১৬, সূআঘ ৫/১৬। চন্দ্ৰোদয় ৰা ১০/১ মিনিটত। বৃষ ৰাশি ৰা ৩/৫৩ৰ পৰা মিথুন। কৃষ্ণ ষষ্ঠী পুঘ ৬/২৮, পিচত সপ্তমী ৰা ৪/১৯ লৈ। ৰােহিণী আঘ ৪/৩২ লৈ। অসৃক যোগ। অভক্ষ ৪ নিম, পুঘ ৬/২৮ৰ পৰা তাল, শেৰা ৪/১৯ৰ পৰা নাৰিকল। (বিশুদ্ধ সিদ্ধান্ত পঞ্জিকামতে)। (ব্যৱহাৰ্য উত্তম কাল ঃ দি ৮/১৬ৰ পৰা দি ৯/৪৬ লৈ।)


মেষ : আনৰ স্বাৰ্থত কাম কৰা, নিজৰ ক্ষমতা বিকেন্দ্রীকৰণৰ লগতে হাতত লোৱা কামতো ব্যস্ত থাকিব। ৰাজনীতি যুক্ত, মিলিটাৰী মনোভাব হ’লেও অত্যধিক আকাংক্ষা আদি বাদ দিয়াই ভাল। মাতৃৰ শুভ। পঢ়াত শুভ। আত্মসংযমী হওক। বদনাম। সংঘাত।

বৃষ : শৰীৰ মধ্যম। জীৱন যুদ্ধত কোনোৱে কৃতকার্য হ’লেও নিশ্চিত নহ’ব। সহায়-সহযোগী মনোভাব। চৰকাৰী কামত খুঁত যাতে নোলায় সাৱধান হওক। পত্নীৰ দেহ দুর্বল। বিয়া পাতিব খোজাৰ কিবা সমস্যা। 

মিথুন : আত্মবিশ্বাস। পঢ়া-শুনাত আগ্রহ। উচিত পথক প্রশংসা। পোহনীয়া জন্তুৰ পৰা লোকচান। বনুৱা সমস্যা। আকোঁৰগোজ ভাব। শত্রু জয় হ’লেও দাম্পত্যত শাৰীৰিক বাধা। আদর্শ অনুগামী ৷

কৰ্কট : মন ফৰকাল নহয়। সন্ধিয়াৰ পৰা উন্নত। বয়সস্থৰ সৈতে গভীৰ আলোচনা, বন্ধুত্ব কৰি ভাল পাব। মহিলাসকলে আৱেগ নিয়ন্ত্রণ কৰাটাে উচিত। সন্তানৰ প্ৰতি চকু ৰাখক। সন্মুখত প্রত্যাহ্বান। 

সিংহ : শৰীৰ মধ্যম। মাতৃৰ দেহ দুর্বল। দূৰ যাত্ৰালৈ গ’লে সাৱধানে চলা-ফুৰা কৰক। বিদ্যাত বেয়া নহ’ব। বদনাম। আনহাতে মুলা বৃদ্ধি। ধন সঞ্চয়ৰ যোগ। সৰল জীবন যাপনৰ প্ৰতি আগ্ৰহী৷ 
কন্যা : আর্থিক উন্নতিৰ উৎস লাভ। ভ্রাতাদিৰ স্বাস্থ্য অনুকুল নহয়। শত্রু জয়। কিন্তু কিছুমান অনাকাংক্ষিত সংযোগ তথা খৰচ। বিদ্যাত শুভ। মানসিকভাৱে নিয়ন্ত্রিত। সত্যবাদিতা আদিৰ গুণ।

তুলা : কষ্ট হিচাপে মুনাফা কম বা প্রাপ্য পোৱা টান। কিন্তু দৃঢ়তা থাকিব। পঢ়াত যত্ন নল’লে। পিচত দিগদাৰ পাব। যিসকলৰ শনি দুর্বল বা দূষিত, সাময়িক দুর্বলতাৰ যোগ। বিদ্যাত মধ্যম।

বৃশ্চিক : ৰাইজৰ কামত ব্যস্ত। অংশীদাৰী কৰ্মৰ সহযোগীৰ স্থান পৰিবর্তন বা ভ্ৰমণ। কিছুমান বাধা-বিঘিনিয়ে কর্মত ভাবুকিস্বৰূপ। বিদ্যাত বেয়া নহয়। কাণ-আঠ আদিত বিষ-বেদনা হ’বও পাৰে।

ধনু : নির্জনতা বেছি ভাল পাব। অপৰাধীসকলৰ শংকা বৃদ্ধি। ধন অকাৰণত যাতে ব্যয় নহয়, সতর্কতাৰে লক্ষ্য কৰক। দাম্পত্যত মতভেদ হ’লেও ক্ষতিকাৰক নহ’ব। বিদ্যাত ভালেই। পুনৰ সংযোগৰ কাৰক।

মকৰ : সূক্ষ্ম অনুসন্ধান। দুঃসাহসিক কিবা কৰ্মৰ প্ৰতি মন। কর্মত বেয়া নহয়। কিন্তু শনি দুঃস্থানগত হােৱাত সম্পূর্ণ ফল নাপাব। বিদ্যাত মধ্যম। শৰীৰ বৰ উন্নত নাযাবও পাৰে। ফুৰা-চকাত সতর্কতাৰ প্ৰয়োজন৷

কুম্ভ : সমাজৰ কামত অগ্রগতি। একেদৰে কথাৰ যাদুৱে আপোনাক জনপ্রিয় কৰিব পাৰে। অৱশ্যে হঠাৎ উচ্চ স্থানত আৰােহণ (কর্মস্থানত) কৰিব পাৰে। বিদ্যাত বেয়া নহয়। যাৰ শনি দুর্বল ইয়াত সম্পূর্ণ ওলোটা ফল কল্পনীয়। ভ্ৰমণৰ যোগ।

মীন : মিশ্রিত ফল। ধর্মীয় নিষ্ঠা বা আধ্যাত্মবাদ চর্চা কৰাসকলৰ মান উন্নত। দার্শনিক মনােভাব। নেতৃত্ব দিয়াসকলৰ কৰ্মত ৰাইজৰ সন্তোষ। ঘৰুৱাত বেয়া নহয়। বিয়াৰ আলোচনা।
Share on Google Plus

About Axomiya Rashifal

Published on daily, Weekly, monthly and yearly Horoscope only on Assamese Language.

0 comments:

Post a Comment