সাপ্তাহিক ৰাশিফল : ২৩ ছেপ্টেম্বৰৰ পৰা ২৯ ছেপ্টেম্বৰ, ২০১৬ লৈ


মেষ : নিজৰ মতে চলি বেছি ভাল পাব। স্বাধীন আৰু আকাংক্ষাপ্ৰৱণতা। নিজৰ দম্ভ বা মইবৰ ভাব দেখি নিজৰ মানুহেই ভাল নাপাব পাৰে। কিন্তু দয়ামায়া যে নাথাকিব এনেও নহয়। বৃহস্পতিঅস্ত থাকি ৰবিযুক্ত হােৱাত কিছুমান নতুন নতুন শত্ৰুৰ সৃষ্টি কৰিব। বহু সম্ভাৱনীয় দিশকো এনে দুইএকে ভাল সমালোচনা নকৰিব। তথাপিতো সাধাৰণভাবে কৃতকার্যতাৰ কাৰক। খৰচৰ পথ উন্মুক্ত। বিদ্যাত ভালেই দেখা যায়। মাতৃৰ মধ্যম। বিয়াৰ কথা।

বৃষ : ইচ্ছাশক্তি বৃদ্ধি। আৰু সেই হিচাপে প্রায় কর্মতে নিজৰ অভিজ্ঞতাৰ কথা পাকে-প্ৰকাৰে প্ৰকাশ কৰিব। আনৰ কর্মাদিত বিয়োগাত্মক দিশেৰে আলোচনা কৰি ভাল পাব। সন্তানৰ নতুন আশা। বৃহস্পতি ৰবিযুক্ত হ’লেও ৰবি বুধৰ বিনিময় হােৱাত ই সম্ভৱ হ’ব পাৰে। বিদ্যাখীৰ বেয়া নহয়। ধর্ম বিশ্বাস ৰখাসকলৰ কষ্ট হ’লেও বর্তমােন কিছু মানসিক শান্তি আশা কৰা যায়। ৰাজনীতিত শুভ। কূটনীতিবিদ হ’লে সুনাম। পত্নীৰ কিছু সকাহ।

মিথুন : বিভিন্ন কাৰ্যকৰী দিশত অগ্ৰগতিৰ অৰ্থে উন্নত পৰিকল্পনা কৰিব আৰু প্রতীক হিচাপে আৰম্ভও কৰিব। হঠাৎ কোনো কাৰণত আপুনি এই সমস্ত চিন্তা নাকচ কৰিবও পাৰে। তৎক্ষণাৎ সৰু কথাতে উগ্রতা প্ৰকাশৰ সম্ভাৱনা। আনহাতে প্রত্যাহ্বানৰ মুখামুখি। যিটােৱে কিছু শংকিত কৰিবও পাৰে। কিন্তু আপোনাৰ ঐকান্তিক কর্মনিষ্ঠাই এনে বিপদৰ পৰা কিছু ৰক্ষা কৰিব। নেতৃত্ব বা ক্ষমতা প্রাপ্তিত থকাসকলৰ অৱশ্যে কৃতকার্যতাৰ কাৰক। পঢ়াত শুভ।

কর্কট : শুদ্ধ মনােভাব ৰাখিলেও আপোনাৰ বিপক্ষত কিয়দংশৰ ক্ষোভ সৃষ্টি হ’ব। ইয়াৰ কাৰণে পুৰণি দুস্কৃতিৰ উচটনি থাকিব পাৰে। অৱশ্যে দীঘলীয়া আপোনাৰ সংগ্ৰামৰ ফল ইতিবাচক বুলিয়েই ধৰক। বিশেষ নতুন সমস্যা নোহােৱাকৈ কর্মত কৃতকার্য হ’ব। দাম্পত্যত মধ্যম। সন্তানৰ শৰীৰ বামন সম্পর্কে খেয়াল ৰখাটাে উচিত। মাতৃৰ দেহ মধ্যম। আনহাতে গৃহৰ কৰ্ণধাৰৰ মন, দেহ পূৰ্বৰ তুলনাত উন্নত। কিন্তু হিংসুকৰ ভাবুকিক একেবাৰে অৱজ্ঞা নকৰাই ভাল।

সিংহ : আত্মবিশ্বাস অক্ষত। কবি-সাহিত্যিকৰ সুনাম। ভ্রমণ ইচ্ছক। প্রেমাম্পদ ব্যৱহাৰ। অত্যন্ত সাহস। কিছুমান চলি থকা কাম হঠাৎ বন্ধ কৰিও দিব পাৰে। কিন্তু মামলা-মোকৰ্দমাত হঠাৎ জড়িত হােৱাৰ শংকা। অৱশ্যে জীৱনত বৃহস্পতি শুভ থাকিলে এই ভয় কম। পুত্ৰৰ কাৰণে চকু ৰাখক। অৱশ্যে ভাই বন্ধু, যোগাযোগাদিৰ পৰা সহানুভূতি লাভ। অন্তদৃষ্টিৰে কিছুমান বিষয় জানি সাৱধান হ’ব পাৰিব। উচ্চান্ত্রিকা। শৰীৰ ধীৰ গতিত উন্নত।

কন্যা : একাধিক সৰু-বৰ সমস্যা, সুখ সংযোগৰে মিশ্ৰিত সাদিন পাৰ হােৱা যোগ। হ’লেও প্রাপ্য ধন আদিত বাধা কমাৰ উপৰি ভাগ্যোন্নতিৰ লগতে ঐশ্বৰ্যমণ্ডিত হােৱাৰাে কাৰক। অৱশ্যে জীৱনত শুক্র বিশেষভাবে শুভ থকাটোও প্রয়োজন। নহ’লেও একেবাৰে নিৰাশ নহয়। কোনোৱে পিচে, আপোনাক বিশ্বাসত নলব— আনকি অপমানজনক মন্তব্যও দিব পাৰে। যাৰ ৰবি শনি দুর্বল সাৱধানে থাকক। বিদ্যাত মধ্যম। দাম্পত্যত বুজাপৰা।

তুলা : হঠাৎ উদ্বেগৰ কাৰক। খঙো উঠিব পাৰে। কিন্তু প্রায় কর্ম নিজৰ জ্ঞান-বুদ্ধি, চেষ্টাৰে সম্পাদন কৰাৰ প্ৰয়াস কৰিব। আনহাতে শিল্পকলাৰ প্রতিও আগ্রহী হ’ব। সম্ভৱস্থলত সন্মানিত হােৱাৰ যোগ। মেলে-মিটিঙে নিজৰ বক্তব্যৰে শ্রোতাক আকৰ্ষিত কৰাৰ ক্ষমতা থাকিব। বহুদিনীয়া আশা সম্যক পূৰণৰ অগ্ৰগতি। যাৰ কীড়নী, আন্ত্রিক আদিৰ দোষ আছে, সাৱধানে থকাই ভাল। ভৰি অঞ্চলত আঘাত আদি যাতে নাপায়, সতর্ক হওক। মাতৃৰ মধ্যম।

বৃশ্চিক : সৃজনীমূলক কর্মত ভালেই। প্রায় কর্মতে ব্যক্তিত্বৰ চাপ থাকিব। আনকি যিকোনো কার্য প্রথমে আৰম্ভ কৰি খ্যাতি লভিব। নেতৃত্বত থকাসকলৰ মন উদাৰ আৰু গঠনমূলক কামত ব্ৰতী হৈ অজ্ঞানীক জ্ঞান, দৰিদ্ৰক ত্ৰাণ কৰাৰ চেষ্টা কৰিব। ধমীয় কর্মত আগ্রহী দেখা যায়। পিচে যাকে তাকে ভিতৰুৱা বা গোপন কথা সদৰী নকৰিব। শৰীৰ মোটামুটি শুভ। খৰচ বৃদ্ধি হ’লেও সেই হিচাপে প্রাপ্যাধনৰ যোগাৰাে কৰিবলৈ সমৰ্থ হ’ব যদিও দুষ্টচক্ৰই কালিমা ছটিয়াবলৈ নাপাহৰিব।

ধনু : আদর্শ অনুগামী। আনহাতে আশাপূর্ণ সংযোগ। দাম্পত্যত খুব বেয়া নহ’ব। পঢ়া-শুনাতো নিৰাশ নহয়। নিজৰ কৰ্মৰ দ্বাৰা প্রতিপক্ষক আশ্বস্ত কৰি প্ৰশংসিত হ’ব পাৰে। মর্যাদা তথা ভাগ্য দুইটাৰে সংযোগ হ'লেও কর্মস্থানত কিবা যেন অবুজ সাঁথৰৰ সৃষ্টি হ’ব। এই ফল অক্টোবৰৰ ছয় তাৰিখলৈ বৃদ্ধি পাবও পাৰে। দাম্পত্যত মধ্যম। মানসিকভাবে কোনো কোনাে সময়ত অস্থিৰ হ’ব বা নিজৰ ধাৰণা, অনুভৱ আদি আনৰ আগত প্রকাশে কৰিব নোৱাৰিব। বিদ্যাত ভালেই।

মকৰ : নিজৰ ৰুচি আৰু বিচাৰমতে স্বকামত ব্ৰতী হৈ ভাল পাব। এইক্ষেত্ৰত আনে কি কয় নকয় ভ্ৰদক্ষেপ নকৰিব পাৰে। এনে ক্ষেত্ৰত জনপ্রিয়তাত কিছু বাধা পাবও পাৰে— চুৰচুৰীয়াকৈ’ ভিতৰি শত্ৰুৰ সৃষ্টিও কল্পিত কৰা যায়। মনোগ্রাহী পৰিবেশৰ লগতে সামাজিক দিশতো ভালেই দেখা যায়। পুৰণিস্থায়ী বন্ধুৰ পৰা উৎসাহিত হােৱাই নহয়, সহায়-সহযোগিতাও আশা কৰিব পাৰে। সম্ভৱস্থলত, মান-মর্যাদা লাভৰাে যোগ। ব্যৱসায়ীৰ ব্যাৱসায়িক বুদ্ধি থাকিব।

কুম্ভ : সর্ব কর্মতে যেন কম-বেছি পৰিমাণৰ দক্ষতা থাকিব। আৰু তাত ইচ্ছাশক্তিৰ পূৰ্ণ প্ৰভাৱ দেখা যাব। অৱশ্যে শৰীৰৰ প্ৰতি নজৰ ৰখাটাে উচিত। নিজে বহু কথা জানিও বহু কথা অপ্রিয় হোৱাৰ ভয়ত প্ৰকাশ নকৰিব পাৰে। ডাক্তৰ কবিৰাজসকলৰ শুভ। কিন্তু কৰ্মত নিষ্ঠ ৰাখক। সপ্তমৰ বক্ৰী বুধে আপোনাৰ কোনো কল্পিত ধাৰণা, ব্যৱসায়ত অশুভ প্রভাৱ পেলাব পাৰে। তথাপিতো মংগল শুক্রৰ সহায়ত সুনাম বিঘ্নিত নহয় বৰং নতুন ক্ষমতা লাভৰ যোগ দেখা যায়।

মীন : ফুৰা-চকা, ব্যৱহাৰ-পাতি, লেনদেন আদিত সতর্ক নাথাকিলে মনােকষ্ট পাবও পাৰে। আনকি দেহ কষ্টৰাে কাৰক। কিছুমান যোগাযোগ বা সম্বন্ধই আপোনাক সম্পূর্ণ আনন্দ নিদিবও পাৰে। দাম্পত্যতো ভবামতে বিশেষ আশা কৰিব নোৱাৰিব। অৱশ্যে বহু তিক্ত অভিজ্ঞতাৰ মাজেৰেও আপুনি নিজৰ হাতলৈ ৰাজনীতিত শাসনৰ বাঘজৰী নিব পাৰে। ধমীয় কর্মসংগীৰ প্ৰশংসাও লাভ কৰিব। সন্তানৰো বেয়া নহ’ব। বিয়াৰ চিন্তা।
Share on Google Plus

About Axomiya Rashifal

Published on daily, Weekly, monthly and yearly Horoscope only on Assamese Language.

0 comments:

Post a Comment