আজিৰ ৰশিফল :: শনিবাৰ।। ২৪ ছেপ্টেম্বৰ, ২০১৬

শনিবাৰ।। ২৪ ছেপ্টেম্বৰ।। ৭ (দৃক ৯) আহিন (ৰাষ্ট্ৰীয় ২ আঃ) ২২ জেলহজজ। গুৱাহাটীত ৪ সূউঘ্য ৫/১৭, সূআঘ ৫/১৪। চন্দ্ৰোদয় ৰা। ১১/৫৪ মিনিটত। মিথুন ৰাশি, দি ৮/৩৬ পৰা কৰ্কট। কৃষ্ণ নৱমী ৰা ১/৩৬ লৈ। আদ্ৰা দি ২/৪৩ লৈ। বৰীয়ান যোগ। অভক্ষ ৪ লাডি, ৰা ১/৩৬ পৰা কলমীে। (বিশুদ্ধ সিদ্ধান্ত পঞ্জিকামতে)। (ব্যৱহাৰ্য উত্তম কাল ঃ সুর্যোদয়ৰ পৰা পুঘ ৬/৪৭ লৈ।) 


মেষ : নিজৰ স্থিতি ৰক্ষাৰ প্রতি সচেতন। নেতৃত্বৰ লালসাত ভোগাসকলৰ যুদ্ধংদেহী ভাবৰ কিছু উন্নতিৰ যোগ। বিদ্যাত মধ্যম। খেতিয়কৰ লোকচান। পিতৃৰ খং|| অসুস্থত, দূৰ যাত্রাদিত অঘটন।

বৃষ : ভণ্ড তপস্বীৰ কবলত যাতে নপৰে, সতর্ক হওক। শৰীৰ দুর্বল। অধিক পৰিশ্রম এৰাই চলক। শত্রুজয় । যিকোনোকে সন্মান জনালেও সাৱধানে আগবাঢ়ক। পত্নীৰ কিছু অনুকূল। খৰচো। বাঢ়িব। পিতৃৰ দৈহিক দিশত চকু ৰখাটাে ভাল। সন্তানৰ মধ্যম। আত্মনিৰ্ভৰ |

মিথুন : সন্দেহযুক্ত কিবা সমস্যা। তাকে লৈ কিছু ব্যস্ততাও থাকিব। এইক্ষেত্ৰত যথেষ্ট ধৈর্যৰে কাম কৰাটাে উচিত। নহ’লে কিছু আহুকালৰ সৃষ্টি। প্ৰৱঞ্চনাৰ যোগ। মনোেবল উন্নত থাকিব।

কৰ্কট : শিক্ষক, শিক্ষামূলক প্রচেষ্টা, লেখক বা যিকোনাে তর্জমা কৰা লোকৰ ৰােজগাৰ উন্নত। দুই-এটা শংকামূলক সংযোগ। অৱশ্যে দৃঢ়তাৰ অভাৱ দেখা নাযায়। মাতৃৰ মধ্যম। ৰাজনৈতিক দিশত বলিষ্ঠতা। শক্ৰ পৰাভূত।

সিংহ : চৰকাৰী কাম-কাজৰ যদি বিশেষ দায়িত্বত আছে সতর্ক নহ’লে কাৰণ দৰ্শোৱাৰ জাননী পাবও পাৰে। সর্বসাধাৰণৰো শৰীৰ বৰ উন্নত নাযাব। যোগাযোগত সুখী হ’লেও দায়িত্বও বৃদ্ধি পাব। 

কন্যা : উদ্বেগ। জঞ্জাল। আর্থিক ব্যয় নিয়ন্ত্রিত। কৰণীয় কাম বন্ধ নহ’ব। মাতৃৰ শৰীৰাে মধ্যম। দৈৱ অনুগ্রহৰ প্ৰতি বিশ্বাস। ধর্মতত্ত্ব সম্পৰ্কীয় আলোচনাত অনুকূল। বিদ্যাত ভালেই।

তুলা : শৰীৰ বৰ উন্নত নহয়। কিন্তু আপোনাৰ সৃজনীমূলক বা সুন্দৰ মনে নতুন সৃষ্টিৰ বাবে চেষ্টা কৰিব। বিদ্যাত ভালেই। মূত্রবিকাৰ, মহিলাৰ জৰায়ু সংক্রান্তীয় অসুখ হ’লে অৱজ্ঞা নকৰাই ভাল। সন্মানিত।

বৃশ্চিক : হাতত লোৱা কামত বিভিন্ন জঞ্জাল হ’লেও কৃতকার্যতাৰ কাৰক। বহু যোগ-বিয়োগাত্মক মন্তব্যও শুনিব। মাজে মাজে কিছু দীর্ঘসূত্রিতাই ভাবমূর্তি যাতে নষ্ট নকৰে, সতর্ক হওক। ধর্মীয় বিশ্বাস৷

ধনু : শৰীৰ মধ্যম। পঢ়াশুনাত আগ্রহী যিসকল, উচ্চ শিক্ষাৰ অভিলাষীৰ ইচ্ছা পূৰণত অগ্রগতি। কর্মদিতো উচ্চ প্রশংসিত। পিতৃৰ ভাগ্য উন্নত। মাতৃৰ দেহ দুর্বল। দূৰ ভ্ৰমণৰ চিন্তা।

মকৰ : দিনৰ নমান বজাৰ পৰা পৰিবেশ কিছু উন্নত। ব্যস্ততা। কিবা গুৰুত্বপূর্ণ অথচ কার্যকৰী আলোচনা। অস্থায়ী অস্থায়ী ভাব। বিয়া-বাৰুৰ চেষ্টাই যদি ফল ধৰা নাই প্ৰচাৰ মাধ্যমৰ সহায় লওক। শৰীৰ মধ্যম।

কুম্ভ : যিকোনো গুৰুতৰ বিষয়ে আলোচনা-বিলোচনা কৰিলে সংযত নহ’লে কাজিয়া বা মতবিৰোধো হ’ব পাৰে। আনহাতে তলতীয়া কর্মচাৰীসকলে তেওঁলোকৰ পৰা নতুন সমস্যাৰ সৃষ্টি। পঢ়াত বাধা কিন্তু কৰ্মত উন্নতিৰ যোগ | সংযত থাকিলে বাধা কম।

মীন : শৰীৰ মধ্যম। বুকু-পিঠিত কিবা বিষবেদনা হ’লে ভয় নাখাই চিকিৎসকৰ পৰামর্শ লওক। মাতৃৰ বেয়া নহয়। সন্তানৰ প্ৰতি গভীৰ চিন্তা। দাম্পত্যত সহযোগ পালেও স্বতঃস্ফুর্ত নহ’ব। পঢ়াশুনাত অগ্রগতি।

Share on Google Plus

About Axomiya Rashifal

Published on daily, Weekly, monthly and yearly Horoscope only on Assamese Language.

0 comments:

Post a Comment